গুৱাহাটী, 14 নৱেম্বৰ : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 2.O আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । এই মিছন বসুন্ধৰা 2.O ৰ জৰিয়তে সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব ।
চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তিও কৰা হ’ব মিছন বসুন্ধৰা-2ৰ দ্বাৰা (Mission Basundhara 2.O)। ইয়াৰোপৰি দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভাৰম্ভ হোৱা এই মিছন বসুন্ধৰা 2.Oৰ অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মোহন আৰু ৰাজ্য মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয় যে, অসমৰ চৰকাৰী, বনাঞ্চল, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা-1 সফলতাৰে সম্পন্ন কৰাৰ পাছত এইবাৰ হাতত লৈছে মিছন বসুন্ধৰা-2 (Second chapter of Mission Basundhara)।
ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেশ্বনেল গ্ৰেজিং ৰিজাৰ্ভৰ (পি জি আৰ) মাটি সন্দেহযুক্ত নাগৰিকৰ দখললৈ যোৱাৰ সময়তে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ পট্টা নাই । ভূমিপুত্ৰক মাটিৰ অধিকাৰী কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷
থলুৱা লোকসকলৰ মাটি থাকিলেও দীৰ্ঘদিনে নিষ্পত্তি নোহোৱা মাটি-বাৰী সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰাৰ বাবে মিছন বসুন্ধৰা-2.O লৈ 329.19 কোটি টকা অনুমোদন দিয়া হৈছে । বসুন্ধৰা-2.O ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব ৷
চৰকাৰী খাচ ভূমি, চিলিং উদ্ধৃত মাটিৰ নিষ্পত্তি হ’ব মিছন বসুন্ধৰা-2ৰ দ্বাৰা । দখলকাৰী ৰায়তেও লাভ কৰিব ভূমিৰ অধিকাৰ । উল্লেখ্য যে, অসমত প্ৰায় তিনিলাখ 50 হাজাৰ ৰায়তী স্বত্ব থকা লোক আছে । তেওঁ কয় যে বসুন্ধৰা-2.O ৰ অধীনত সমগ্ৰ অসমতে কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন), অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং(E Stamping in Assam) আদি সময় নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব ।