গুৱাহাটী, 16 ডিচেম্বৰ : এটা বছৰক বিদায় দি আন এটা বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ ইফালে বছৰৰ শেষত নতুন বছৰক আদৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে বনভোজস্থলীসমূহত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু এই সময়ছোৱাতে ৰাজ্য চৰকাৰে বনভোজ সন্দৰ্ভত কিছু বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷
কেৱল বনভোজেই নহয়, মাঘ বিহু উপলক্ষেও জনসাধাৰণে কেতবোৰ নীতি-নিয়ম মানি চলিব লাগিব ৷ অসম চৰকাৰে ইতিমধ্যে ৱেবছাইট যোগে জনসাধাৰণে বনভোজৰ সময়ত আৰু মাঘ বিহুৰ সময়ত কৰণীয় সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷ এইসময়ছোৱাত জনসাধাৰণে কি কৰিব বা নকৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ৷
চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভোজৰ সময়ত কোনো লোকে আৱৰ্জনা তথা পেলনীয়া খাদ্য আদি নৈ, জান, জুৰি, বিলৰ বুকুলৈ দলিয়াব নোৱাৰিব ৷ ইয়াৰ উপৰিও প্লাষ্টিকৰ গিলাচ, সুৰাৰ বটল আদি নৈৰ বুকুলৈ দলিওৱাতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ৰাজ্য চৰকাৰে সকলো নাগৰিককে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ৷ ইফালে বনভোজৰ সময়ত বনভোজস্থলীত অত্যধিক শব্দ প্ৰদূষণ কৰাৰ পৰা বিৰত থাকিবলৈয়ো নিৰ্দেশ দিয়া হৈছে ৷