গুৱাহাটী, ২৬ মে’ : চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ উৎসৱৰ পিচত এইবাৰ সমগ্ৰ ৰাজ্যজুৰি বৃহৎ গৃহ প্ৰৱেশ অনুষ্ঠান চাবলৈ সাজু হওক ৰাজ্যবাসী ৷ কিয়নো আগষ্ট মাহৰ ভিতৰত অসম চৰকাৰে একেলগে আঢ়ৈ লাখতকৈয়ো অধিক PMAY ঘৰত একেলগে গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে ৷ বৰ্তমানলৈকে অসমত PMAY-G ৰূপায়ণৰ খতিয়ান দাঙি ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদমেলত এই কথা ঘোষণা কৰে (Assam government is planning a mass griha pravesh) ৷
অসমত PMAY-G ৰূপায়ণৰ দুৰ্বলতাক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে শুকুৰবাৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে দাঙি ধৰিলে আঁচনিখনৰ ৰূপায়ণৰ খতিয়ান ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীন হৈছে চৰকাৰৰ গ্ৰাম্য কল্যাণকামী আঁচনিসমূহৰ অন্যতম ৷ এই আঁচনিখনে ৰাজ্যখনৰ ১৯ লাখতকৈ অধিক হিতাধিকাৰীক সামৰি লৈছে ৷ ‘সকলোৰে বাবে আৱাস’— এই লক্ষ্যৰে অসমত ১৮,৩০,৪০০টা পিএমএৱাইজি ঘৰ অনুমোদন জনাইছে আৰু ইয়াৰে এতিয়ালৈ ১১,৬৩,৪৭১টা ঘৰৰ কাম সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ অনুমোদিত মুঠ ১১,৬৩,৪৭১টা পিএমএৱাই-জি ঘৰৰ ভিতৰত অসমত সম্পূৰ্ণ হৈছে ৭,৫৯,১৬৩টা পিএমএৱাই-জি ঘৰ ৷ নিৰ্মাণ কৰিবলৈ বাকী থকা ৬,৬৬,৯২৯টা ঘৰ ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কয় মন্ত্ৰীজনে (Assam government planning griha pravesh ceremony) ৷
অসম চৰকাৰে বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত ১৪,৫৪০.৮৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছে ৷ ইয়াৰে ১,৪৫৪.০৪ কোটি টকা ৰাজ্য চৰকাৰৰ শ্বেয়াৰ হিচাপে আৰু ১৩০৮৬.৭৬ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰিত্ব হিচাপে ১৪৫৪.০৮ কোটি টকা লাভ কৰে ৰাজ্যখনে ৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা আজিলৈকে ৰাজ্য চৰকাৰে আঁচনিৰ মুঠ ১২,৫০৪.৭৯ কোটি টকা ইতিমধ্যে ব্যয় কৰিছে ৷ আনহাতে সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায় যে, ভূমিহীন লোকসকলক গৃহ আৱণ্টন দিব নোৱাৰাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰ ৷ যাৰ বাবে আজিৰ তাৰিখত ৰাজ্য চৰকাৰে ৪০,০৯৬ জন ভূমিহীনক ভূমি প্ৰদান কৰি হিতাধিকাৰীসকলক ঘৰৰ অনুমোদন জনাইছে (Assam government griha pravesh ceremony) ৷