অসম

assam

Assam Cabinet Decisions : ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : May 7, 2022, 10:37 PM IST

সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ' পিৰ ক্ষেত্ৰত অনুমোদন (Cabinet decision on urea fertilizer) । পাইকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰি খুচুৰা বিক্ৰেতাসকলে পাব সাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ । ১২ মে'ৰ পৰা আৰম্ভ হ'ব মিছন ভূমিপুত্ৰ । ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্ৰ অনলাইন মাধ্যমেৰে লাভ কৰিব । আই আই টি গুৱাহাটীৰ সহযোগত হ'ব গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল । কাগজ কল দুটাৰ ৮৪ জন লোকৰ বাবে চাকৰি । শনিবাৰে অসম কেবিনেটে গ্ৰহণ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Assam Cabinet Decisions)৷

Assam Cabinet Decisions
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ৭ মে': মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam government has taken several important cabinet decisions) । বৈঠকৰ অন্তত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু অতুল বৰাই সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে (Assam Cabinet Decisions )। আজিৰ কেবিনেটে সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ' পিৰ ক্ষেত্ৰত অনুমোদন জনায় ।

সাৰ বিতৰণ ব্যৱস্থাটোৰ পৰা পাইকাৰী ব্যৱসায়ী আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হয় (Cabinet decision on urea fertilizer) । ২৩ হাজাৰ মেট্ৰিক টন ইউৰিয়া মজুত থকাৰ পাছতো পাইকাৰী ব্যৱসায়ীসকলে সাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছিল (Assam Fertilizer scam)। যাৰবাবে পাইকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰি খুচুৰা বিক্ৰেতাসকলক সাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব । কেবিনেটে সাৰ বিতৰণ ব্যৱস্থাটোত বিশেষ সংস্কাৰ আনিছে । এতিয়াৰে পৰা পাইকাৰী ব্যৱসায়ী নাথাকিব আৰু কৃষকে প্ৰত্যক্ষভাৱে খুচুৰা ব্যৱসায়ীৰ পৰা সাৰ ক্ৰয় কৰিব পাৰিব । ইয়াৰ বাবে খুচুৰা বিক্ৰেতাৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আনহাতে আজিৰ কেবিনেটে জাতিগত প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰশ‍াসনীয় সংস্কাৰ অনাৰ কথা উল্লেখ কৰে । ৰাজ্যত ১২ মে'ৰ পৰা আৰম্ভ হ'ব মিচন ভূমিপুত্ৰ (Mission Bhumiputra) । ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্ৰ অনলাইন মাধ্যমেৰে লাভ কৰিব পৰা যাব । আনহাতে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে জাতিগত প্ৰমাণ পত্ৰৰ(Students caste certificate Assam) বাবে বিদ্যালয়তে প্ৰ-পত্ৰ লাভ কৰিব । কোনো কাৰ্যালয়লৈ নোযোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব নিজৰ জাতিগত প্ৰমাণপত্ৰ ।

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

প্ৰমাণপত্ৰ পোৱাৰ পাছত সেইখন চৰকাৰৰ ডিজিটেল ল'কাৰত জমা হৈ থাকিব । ইয়াৰ যোগেদি প্ৰত্যেক বছৰে তিনি লাখ ছাত্ৰ-ছাত্ৰী তথা লোক উপকৃত হ'ব । সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি আই আই টি গুৱাহাটীৰ সহযোগত গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল কৰা হ'ব । ইয়াৰ বাবে আজিৰ কেবিনেটে ৫৪৪ কোটি টকাৰ প্ৰশাসনীয় অনুমোদন জনায় । আনহাতে গুৱাহাটী পুলিছ ৰিজাৰ্ভ, দশম অসম আৰক্ষী বাহিনী আৰু পানবজাৰৰ পুলিছ আৱাসিক কেন্দ্ৰৰ বিল্ডিংসমূহ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৫৪৪.৫৪ কোটি টকাৰ অনুমোদন জনায় ।

কেবিনেটে কাগজ কল দুটাত ৮৪ জন লোকক নিযুক্তি দিয়াৰ দিয়াৰ বাবে অনুমোদন জনায় (Appointment in paper mill)। ২০ মে'ৰ ভিতৰত তেওঁলোকক নিযুক্তি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:জুনত কাৰ্বি পৰিষদৰ নিৰ্বাচন: ইংগিত আলোক কুমাৰৰ

ABOUT THE AUTHOR

...view details