অসম

assam

ETV Bharat / state

আৰক্ষীৰ আত্মহত্যা প্ৰতিহত কৰিবৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ - আৰক্ষীৰ আত্মহত্যাৰ ঘটনা প্ৰতিহত কৰিবৰ অসম চৰকাৰৰ বিশেষ পদক্ষেপ

অসম আৰক্ষী কৰ্মচাৰীৰ আত্মহত্যা সম্বন্ধীয় ঘটনাসমূহ তদন্তৰ বাবে অসম চৰকাৰৰ দ্বাৰা এখন বিশেষ কমিটি গঠন ৷ চাৰিজনীয়া কমিটিখনৰ নেতৃত্বত থাকিব অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দীপক কুমাৰ ৷

Assam government has instituted  committee to probe the issue of suicide by the personnel of Assam police
আৰক্ষীৰ আত্মহত্যাৰ ঘটনা প্ৰতিহত কৰিবৰ অসম চৰকাৰৰ বিশেষ পদক্ষেপ

By

Published : Feb 18, 2020, 4:29 AM IST

Updated : Feb 18, 2020, 2:07 PM IST

গুৱাহাটী,17 ফেব্ৰুৱাৰী: অসম আৰক্ষী কৰ্মচাৰীৰ আত্মহত্যা সম্বন্ধীয় ঘটনাসমূহ তদন্তৰ বাবে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে এখন বিশেষ কমিটি ৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দীপক কুমাৰৰ নেতৃত্বত এখন চাৰিজনীয়া সদস্যৰ কমিটি গঠন কৰি কমিটিখনক বিগত পাঁচবছৰে হোৱা আত্মহত্যা সম্বন্ধীয় গোচৰসমূহৰ তদন্তৰ দায়িত্ব দিয়া হৈছে ৷ কমিটিখনে আৰক্ষীৰ আত্মহত্যাৰ প্ৰৱণতাসমূহৰ ওপৰত অধ্যয়ন কৰাৰ লগতে অসম আৰক্ষীৰ চলি থকা কাউঞ্চেলিঙৰ পদ্ধতিৰ ওপৰতো অধ্যয়ন কৰিব ৷ লগতে আৰক্ষীৰ কৰ্মচাৰীৰ আত্মহত্যা আৰু ইয়াৰ লগত সম্বন্ধীয় ঘটনাসমূহ পুনৰ সংঘটিত নহ'বৰ বাবে কোনো নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক পৰামৰ্শ ও অনুৰোধ জনাব কমিটিখনে ৷

অসম আৰক্ষী কৰ্মচাৰীৰ আত্মহত্যা সম্বন্ধীয় ঘটনাসমূহ তদন্তৰ বাবে অসম চৰকাৰৰ দ্বাৰা এখন বিশেষ কমিটি গঠন

লগতে পঢ়ক:ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

উল্লেখ্য যে কমিটিখনে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে ৷

Last Updated : Feb 18, 2020, 2:07 PM IST

ABOUT THE AUTHOR

...view details