গুৱাহাটী, 30 মাৰ্চ: অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি 2020 ৰ অধীনত 370 খন চাহ বাগিচালৈ মুঠ 64.05 কোটি টকা প্ৰদান ৷ বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই অনুদান বিতৰণ কৰে । উল্লেখ্য যে এই আঁচনিখন অসম চৰকাৰে চাহ উদ্যোগৰ ওপৰত ক’ভিড-19 মহামাৰীৰ বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰিছিল ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ উদ্যোগ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ ৷ চাহে মুঠ ৰপ্তানিৰ প্ৰায় 90 শতাংশ অৰিহণা যোগায় ৷ তেওঁ লগতে কয় যে এক নিযুততকৈও অধিক লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিছে ৷ অসমৰ অৰ্থনীতিৰ ওপৰত চাহ উদ্যোগৰ অপৰিসীম প্ৰভাৱৰ বাবে অসম চৰকাৰে এই খণ্ডত বিশেষ উদগনিমূলক আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই খণ্ডটোৱে ক’ভিড-19 ৰ ফলত হোৱা ক্ষতিৰ দিশত কিছু পৰিমাণে সকাহ প্ৰদান কৰিব পাৰে (Financial incentives for Assam tea garden) ৷
আঁচনিখনৰ বিভিন্ন দিশ সম্পর্কত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চিটিচি, অর্থডক্স তথা গুণসম্পন্ন চাহ যেনে গ্ৰীণ টি, ওলং টি, হোৱাইট টি, য়েল্ল টি, পাৰপল টি আদি যিকোনো এবিধ চাহ উৎপাদনকাৰী গোটে এই সুবিধা লাভ কৰিব ৷ কাৰ্যকৰী মূলধন ঋণৰ ওপৰত 3 শতাংশ সূদ ৰেহাই দিয়া হৈছে ৷ তেওঁ কয় যে অর্থডক্স চাহৰ উৎপাদন প্ৰসাৰতো যথাযথ গুৰুত্ব দিয়া হৈছে (Tea production in Assam) ৷
এই উদ্দেশ্যেৰে অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনিৰ অধীনত প্ৰতি কিলোগ্ৰাম অর্থডক্স আৰু অন্যান্য বিশেষ জাতৰ চাহৰ বাবে 10 টকাৰ ৰাজ সাহায্য অন্তৰ্ভূক্ত কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Financial assistant for tea garden) ৷
ৰাজ্যৰ চাহ উৎপাদনৰ 200 বছৰীয়া জয়ন্তী উপলক্ষে 2023-24 বিত্তীয় বৰ্ষৰ বাবে প্ৰতি কিলোগ্ৰাম অৰ্থডক্স আৰু অন্যান্য বিশেষ গুণসম্পন্ন জাতৰ চাহৰ বাবে অতিৰিক্ত 2 টকা নিৰ্দ্ধাৰণ কৰা হৈছে ৷ অন্য গুণসম্পন্ন চাহ আৰু অৰ্থডক্স চাহৰ পুলি আৰু যন্ত্ৰপাতি খৰচৰ বাবে 25 শতাংশ ৰাজ সাহায্য আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক তিনিটা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ পৰা কৃষি আয়কৰ গ্ৰহণ নকৰে যাতে এই উদ্যোগে এক বিশেষ মাত্ৰা লাভ কৰে ৷