অসম

assam

ETV Bharat / state

ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ত ব্যৰ্থ অসম চৰকাৰ - ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ত ব্যৰ্থ অসম চৰকাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যৰ খেতিয়কসকলক উপকৃত কৰাৰ বাবে ন্যূনতম সমর্থন মূল্যত (MSP) ৰাজ্যৰ খেতিয়কৰপৰা ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Minimum Support Price) । বিষয়টো সন্দৰ্ভত ইতিমধ্যে জনতা ভৱনত কেইবালানি আলোচনা আৰু বৈঠক অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত এই সিদ্ধান্তবোৰে কাৰ্যকৰী ৰূপ পোৱা দেখিবলৈ পোৱা নগ'ল ৷ যিয়ে হতাশ কৰি তুলিছে ৰাজ্যৰ খেতিয়ক ৷

government fails to procure paddy at sp
ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ত ব্যৰ্থ অসম চৰকাৰ

By

Published : Aug 28, 2022, 7:55 AM IST

গুৱাহাটী, 28 আগষ্ট:এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ১০ লাখ কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত (MSP) ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত কেবালানি আলোচনা আৰু বৈঠক অনুষ্ঠিত কৰিছিল ।

আকৌ ৰাজ্যৰ সকলো জিলাত জিলা উপায়ুক্তসকলে জিলা পৰ্যায়ত কৃষকৰ পৰা ন্যূনতম সমর্থন মূল্যত (MSP) ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বৈঠক অনুষ্ঠিত কৰিছিল । ৰাজ্যৰ বহু জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছিল(Rice Procurement Centre) । কিন্তু অসম চৰকাৰ লক্ষ্য পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে (Assam government completely failed to meet its targets)।

ন্যূনতম সমর্থন মূল্যত (MSP) আন ৰাজ্যৰ লাখ লাখ খেতিয়কৰপৰা ধান ক্ৰয় কৰা হয় যদিও তাৰ তুলনাত অসমৰ নগণ্যসংখ্যক খেতিয়কৰ পৰাহে ক্ৰয় কৰা হয় (Farmers of Assam) । ধান, গোমধান আন ৰাজ্যৰ লাখ লাখ খেতিয়কৰপৰা ক্ৰয় কৰাত আন ৰাজ্যৰ সেই খেতিয়কসকল উপকৃত হৈছে । অসমৰ নগণ্যসংখ্যক খেতিয়কৰপৰা ন্যূনতম সমৰ্থন মূল্যত ধান, গোমধান ক্ৰয় কৰাৰ ফলত তেওঁলোকে মধ্যভোগীৰ ওচৰত পানীৰ মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছে ।

সম্প্ৰতি ধানৰ ন্যূনতম সমর্থন মূল্য কুইণ্টল প্ৰতি ২০৪০-২০৬০ টকা ধার্য কৰা হৈছে । কিন্তু দুর্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰৰ এক তথ্যত অসমৰ নগণ্য সংখ্যক খেতিয়কৰ পৰাহে চৰকাৰে ধান ক্ৰয় কৰাৰ তথ্য প্ৰকাশ পাইছে ।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্য মতে, ২০২১-২২ চনত অসমৰ ৪৮,০৭১ গৰাকী খেতিয়কৰপৰাহে ন্যূনতম সমর্থন মূল্যত চৰকাৰে উৎপাদিত সামগ্ৰী ক্ৰয় কৰিছে । ইয়াৰ বিপৰীতে ২০২১-২২ চনত অন্ধ্ৰপ্ৰদেশৰ ৮ লাখ ৩৯ হাজাৰ ৬৮ গৰাকী, তেলেংগানাৰ ১৯ লাখ, বিহাৰৰ ৬ লাখ ৪২ হাজাৰ ২৩৪ গৰাকী, চত্তিশগড়ৰ ২১ লাখ, কোলাৰ ২ লাখ ৫৪ হাজাৰ, মধ্যপ্ৰদেশৰ ৬ লাখ ৬১ হাজাৰ, মহাৰাষ্ট্ৰৰ ৫ লাখ ৭৩ হাজাৰ, পঞ্জাৱৰ ৯ লাখ, পশ্চিমবংগৰ ১৩ লাখ ১৪ হাজাৰ গৰাকী খেতিয়কৰপৰা ধান আৰু গোমধান ন্যূনতম সমর্থন মূল্যত ক্ৰয় কৰা হৈছে ।

যিমানে চৰকাৰে নিৰ্দ্ধাৰণ কৰা ন্যূনতম সমর্থন মূল্যত খেতিয়কে ধান বেচিবলৈ পাব সিমানে লাভ বেছি হয় । অসমৰ খেতিয়কে ন্যূনতম সমর্থন মূল্যত ধান বিক্ৰী কৰিবলৈ পোৱা নাই বাবে মধ্যভোগীয়ে প্ৰতাৰণা কৰাৰ সুযোগ পাইছে (cheating of middlemen) । যাৰ ফলত বছৰে ৰাজ্যৰ লাখ লাখ খেতিয়কে কষ্ট কৰিও লোকচানৰ সন্মুখীন হৈ আহিছে । এই ক্ষেত্ৰত চৰকাৰে খেতিয়কসকলক কোনো সকাহ দিব পৰা নাই ।

লগতে পঢ়ক:ৰাজ্যত স্থাপন হ'ব ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ ৫০ টা ধান মিল

ABOUT THE AUTHOR

...view details