গুৱাহাটী, ৪ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে বিভিন্ন শিতানত দিয়া পুঁজি ব্যয়ত ব্যৰ্থ হোৱা অসম চৰকাৰে নিজা আৱণ্টিত পুঁজি ব্যয় কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে । চমক সৃষ্টিৰ বাবে ঘোষণা কৰা বহু আঁচনি কাৰ্যতঃ ৰূপায়ণ কৰিব পৰা নাই চৰকাৰখনে । লক্ষণীয় বিষয় যে ২০২২-২৩ বিত্তীয় বর্ষ অন্ত পৰিবলৈ মাজত এটা মাহো নাই যদিও বছৰটোৰ বাবে আৱণ্টিত ধ্বজাবাহী আঁচনিসমূহৰ বুজন পৰিমাণৰ ধন এই পর্যন্ত ব্যৱহাৰ হোৱা নাই (Funds of many schemes for the year 2022 and 2023 have not been spent ) । ধ্বজাবাহী কেইখনমান আঁচনিৰ আংশিক পৰিমাণৰ ধন ব্যয় হোৱাৰ বিপৰীতে কোনো কোনো আঁচনিৰ ধন এই পর্যন্ত ব্যয় নোহোৱাকৈ পৰি আছে ।
কিছুমান নির্দিষ্ট ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে ধ্বজাবাহী আঁচনিসমূহত পুঁজি ধার্য কৰিছিল । উন্নয়নৰ স্বাৰ্থতে ধ্বজাবাহী আঁচনিৰ সংখ্যাও বৰ্তমানৰ চৰকাৰে পূৰ্বতকৈ বৃদ্ধি কৰিছিল । কিন্তু আঁচনিৰ সংখ্যা বৃদ্ধি হ’ল যদিও বাজেটত ধার্য কৰা অনুসৰি বিত্তীয় বছৰটোৰ ভিতৰত ধার্য কৰা পুঁজি ব্যয় নহ'ল । প্ৰজ্ঞান ভাৰতী, সু-স্বাস্থ্য সমৃদ্ধি, জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় চিনাক্ত কৰা, জনগোষ্ঠীৰ অধিকাৰ আৰু উন্নয়ন নিশ্চিত কৰা, প্রাকৃতিক কৃষিৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰা আদি ধ্বজাবাহী আঁচনিসমূহৰ বুজন পৰিমাণৰ ধন এতিয়াও ব্যৱহাৰ হ’বলৈ বাকী আছে ।
তথ্য অনুসৰি ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা খিলঞ্জীয়া আৰু জনজাতিৰ বিশ্বাস আৰু সংস্কৃতি নামৰ বিভাগটোৰ জৰিয়তে চাহ জনগোষ্ঠীৰ বিকাশৰ বাবে ২১ কোটি টকা বাজেটত ধার্য কৰা আছিল যদিও সেই ধন এতিয়ালৈ ব্যয় কৰিবলৈ সক্ষম হোৱা নাই । সেইদৰে প্ৰাকৃতিক কৃষিৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা ধ্বজাবাহী আঁচনিখনৰ বাবেও ধার্য কৰা পুঁজি ব্যয় কৰাত চৰকাৰ ব্যৰ্থ হৈছে । প্রাকৃতিক কৃষিৰ প্রতি আকর্ষণ বৃদ্ধিৰ বাবে বাজেটত ১০ কোটি টকা ধার্য কৰা হৈছিল । কিন্তু ধার্য কৰা এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ জনতাক প্রাকৃতিক কৃষিৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰখনে ।