অসম

assam

National Nutrition Mission: কেন্দ্ৰৰ অভিলাষী পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

By

Published : Feb 16, 2023, 12:32 PM IST

অসমত বৃদ্ধি পাইছে ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ সংখ্যা (Children and women suffering from anemia and malnutrition) । পোষণ অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া ৩২৯.৪৮ কোটি টকাৰ ২১২.৭৬ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ । আনকি ব্যয় কৰা ধনৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিলতো ব্যর্থ হৈছে অসম চৰকাৰ । সংসদৰ মজিয়াত উন্মোচিত হৈছে অসমৰ প্ৰকৃত ছবি ।

Assam not shown good results in Poshan Abhiyaan
অভিলাষী পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী: মাতৃ-শিশুৰ ৰক্তহীনতা আৰু পুষ্টিহীনতা দূৰ কৰাৰ বাবে দেশজোৰি ৰূপায়ণ কৰা পোষণ অভিযানৰ ক্ষেত্ৰত অসমে ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই (Assam not shown good results in Poshan Abhiyaan) । উদ্বেগৰ বিষয় যে অসমত ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা শিশু আৰু মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । তেনেস্থলত পোষণ অভিযানৰ সফল ৰূপায়ণ অসমত বিশেষভাৱে জৰুৰী । লক্ষণীয় বিষয় যে কেন্দ্ৰই ধন দিলেও যথাসময়ত ধন ব্যয় কৰিব নোৱাৰে অসম চৰকাৰে । আনকি ব্যয় কৰা ধনৰো ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিলত ব্যর্থ হয় অসম চৰকাৰ ।

পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

শেহতীয়াকৈ পোষণ অভিযানৰ ক্ষেত্ৰত অসমৰ ব্যৰ্থতা উন্মোচিত হৈছে সংসদৰ মজিয়াত (Failure of Assam exposed in Parliament) । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি পোষণ অভিযানৰ অধীনত অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে ৩২৯.৪৮ কোটি টকা মুকলি কৰি দিছিল । কিন্তু এই বৃহৎ অংকৰ ধনৰ ভিতৰত ৰাজ্য চৰকাৰখনে ২১২.৭৬ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয় । অর্থাৎ চৰকাৰখনে ব্যয় কৰে ৬৫ শতাংশ পুঁজি । মোকলাই দিয়া পুঁজিৰ ৩৫ শতাংশ ধন অসম চৰকাৰে ব্যয়েই কৰিব নোৱাৰিলে ।

পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

ইফালে অসমৰ এনে ব্যৰ্থতাৰ বিপৰীতে জম্মু কাশ্মীৰৰ দৰে ৰাজ্যই ৯৯ শতাংশ ধন ব্যয় কৰিবলৈ সক্ষম হৈছে । উল্লেখ যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পোষণ বা পুষ্টি অভিযান হৈছে জনকল্যাণমূলক কার্যসূচী (Nutrition Mission is public welfare program of Government) । এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে । কিন্তু অসমত এই অভিযান সম্পূর্ণ ৰূপে সফল হোৱা নাই। খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই অপুষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে অসমে (Assam surpassed national rate of malnutrition) ।

পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

অপুষ্টিৰ ফলত পাঁচ বছৰ বয়সৰ তলৰ শতকৰা ৩৫.৩ শতাংশ শিশুৰ শাৰীৰিক বিকাশত বাধাগ্ৰস্ত হৈছে । যাৰ ফলত ২১.৭ শতাংশ শিশু হৈ পৰিছে অতিশয় ক্ষীণ । একেদৰে বয়স অনুসৰি ৰাজ্যৰ ৩২.৮ শতাংশ শিশুৰে ওজন যথেষ্ট কম । এই ক্ষেত্ৰত অসমে ৰাষ্ট্ৰীয় গড়কো চেৰ পেলাইছে । ৰাষ্ট্ৰীয় পৰ্যায়ত অতিশয় ক্ষীণ শিশুৰ হাৰ ১৯.৩ শতাংশ হোৱাৰ লগতে পর্যাপ্ত ওজন নথকা শিশুৰ হাৰ ৩২.১ শতাংশ । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত শিশুসকল কিদৰে পুষ্ঠিহীনতাত ভূগিছে ।

পোষণ অভিযান ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

ইফালে ৰাজ্যৰ পাঁচ বছৰৰ তলৰ ৬৮.৪ শতাংশ শিশুৰ লগতে ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলাৰ হাৰ হৈছে ৫৪.২ শতাংশ । একেদৰে ৰাজ্যখনত এক লাখ শিশুৰ জন্মৰ বিপৰীতে ১৯৫ গৰাকী প্ৰসূতিৰ মৃত্যু হয়। প্ৰতি এক হাজাৰ শিশুৰ জন্মৰ বিপৰীতেও ৰাজ্যখনত ৩৬ টা নৱজাতকৰ মৃত্যু হয় । ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এনে শোচনীয় অৱস্থা হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন ৰাজ্য চৰকাৰখনে সম্পূর্ণ ৰূপে ব্যয় কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় ।

উল্লেখ যে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অসমত বেছি হোৱাৰ অন্যতম কাৰণ হিচাপে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান চলোৱা হৈছে (Massive operation against child marriage) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত আৰক্ষীয়ে ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান জোৰদাৰ কৰি তোলিছে । কেৱল বাল্য বিবাহেই নহয়, আন বহু কেইটা কাৰণত ৰাজ্যখনত মাতৃ আৰু শিশুৰ স্বাস্থ্যজনিত সমস্যা পৰিলক্ষিত হৈছে । তথ্য অনুসৰি ৰাজ্যৰ পাঁচ বছৰৰ তলৰ ৬৮.৪ শতাংশ শিশুৱেই ৰক্তহীনতাৰ সমস্যাৰে জৰ্জৰিত। আনহাতে ৰক্তহীনতাত ভোগা ১৫ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ হাৰ হৈছে ৬৬.৪ শতাংশ । সেইদৰে এই বয়সৰ ৰক্তহীনতাত ভোগা গৰ্ভৱতী মহিলাৰ হাৰ হৈছে ৫৪.২ শতাংশ । একেদৰে ৰক্তহীনতাত ভোগা ১৫ বছৰৰ পৰা ১৯ বছৰৰ বয়সৰ যুৱতীৰ হাৰ হৈছে ৬৭ শতাংশ । এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত কিদৰে প্ৰতিবছৰে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ স্বাস্থ্যজনিত জটিলতা আছে ।

লগতে পঢ়ক: Nutritional status in Assam: ৰাজ্যত ৰক্ত আৰু পুষ্টিহীনতাত ভোগা শিশু মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

ABOUT THE AUTHOR

...view details