অসম

assam

ETV Bharat / state

Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক চৰম অৱহেলা ৰাজ্য চৰকাৰৰ ৷ জালুকবাৰী সমাধিক্ষেত্ৰত নাই কোনো আড়ম্বৰপূৰ্ণ অনুষ্ঠান ৷ 10 বজালৈকে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মালা এডালো নলগালে চৰকাৰী পক্ষই ৷ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ৷

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:17 PM IST

Bhupen Hazarika
Bhupen Hazarika

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক চৰম অৱহেলা ৰাজ্য চৰকাৰৰ

গুৱাহাটী, 8 ছেপ্টেম্বৰ: বিশ্ববৰেণ্য শিল্পী অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিনত তেওঁৰ শেষ ঠিকনা জালুকবাৰী সমাধি ক্ষেত্ৰত এইবাৰ নাই আড়ম্বৰপূৰ্ণ আয়োজন ।‌ অনুষ্টুপীয়াকৈ সুধাকণ্ঠৰ জন্মদিনৰ আয়োজন দেখি ব্যথিত সুধাকণ্ঠৰ একাংশ অনুৰাগী তথা সচেতন মহল ।

পুৱা ১০ বজালৈ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মালা এডাল‌ পৰ্যন্ত আৰি থোৱা নাছিল চৰকাৰী পক্ষই । সমাধিক্ষেত্ৰ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতি গ্ৰহণ কৰা এলাগী‌ মনোভাৱৰ‌ বাবে ক্ষোভ উজাৰে ।

ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ প্ৰতি ৰজাঘৰীয়াই কৰা এনে এলাগীৰ মনোভাৱৰ বাবে ক্ষোভ প্ৰকাশ কৰে । চৰকাৰৰ এনে ধৰণৰ পদক্ষেপ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে সমাধি ক্ষেত্ৰত বহুত পলমকৈ উপস্থিত হোৱা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া ।

তেওঁ সাংবাদিকৰ প্ৰশ্ন এৰি চলি কয়, ‘‘অহা অক্টোবৰৰ পৰা সমগ্ৰ অসমত মহা সংগ্ৰাম আৰম্ভ হ’ব । অসমৰ মহান মনীষী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ গীত-মাত আদি নৱপ্ৰজন্মৰ মাজলৈ এই মহা সংগ্ৰামৰ মাজেৰে লৈ যোৱাৰ প্ৰয়াস কৰা হ’ব । অসমৰ প্ৰত্যেক গাঁৱলৈ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ গীত-মাত আদি নৱপ্ৰজন্মৰ মাজলৈ নিয়া হ’ব ।’’

তেওঁ আৰু কয়, ‘‘আজি সমগ্ৰ অসমতে ভূপেন হাজৰিকাৰ ওপজা দিন ৰাইজে উদযাপন কৰিছে । সমাধিক্ষেত্ৰতো ড৹ ভূপেন হাজৰিকাৰ স্মৃতিৰক্ষা সমিতিৰ সহযোগ অসম চৰকাৰৰ‌ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন কৰিছে ।’’

অনুষ্টুপীয়াকৈ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন কিয় কৰা হ’ল, কিয় পুৱা ১০ বজালৈ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মালা এডাল‌ পৰ্যন্ত আঁৰি থোৱা নাছিল চৰকাৰী পক্ষই, সেই সন্দৰ্ভত সাংবাদিকে বাৰে বাৰে সোধা প্ৰশ্নৰ কোনো উত্তৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই নিদিলে ।

লগতে পঢ়ক:Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

ABOUT THE AUTHOR

...view details