গুৱাহাটী, 23 মে’: শেহতীয়া কোভিড-19ৰ পৰিপ্ৰেক্ষিতত ঘনে ঘনে চৰকাৰে সলনি কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ কামৰ প্ৰক্ৰিয়া । মাত্ৰ তিনিদিন পূৰ্বে কৰ্মচাৰীৰ নতুন কামৰ সময় আৰু নিয়ম ঘোষণা কৰা হৈছিল ৷ য’ত কোৱা হৈছিল যে, কৰ্মচাৰীসকলে দুটা গোটত বিভক্ত হৈ কাৰ্যালয়লৈ যাব লাগিব । এটা গোটে পুৱা 9.30 বজাৰ বিপৰীতে আনটো গোটে দিনৰ 11.30 বজাৰ পৰা কাম কৰিব লাগিব । লগতে প্ৰথম গোটটোত অগ্ৰাধিকাৰ পাব দিব্যাংগ আৰু মহিলা কৰ্মচাৰীয়ে ।
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে পুনৰ এক নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । কেৱল সচিবালয় (জনতা ভৱন)ৰ বাবেহে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে । নতুন নিৰ্দেশনাত কোৱা হৈছে যে, 5 বছৰ বয়স পৰ্যন্ত সন্তান থকা বা গৰ্ভৱতী মহিলা কৰ্মচাৰীসকল কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন নাই । তেওঁলোকে ঘৰৰ পৰাই কাৰ্যালয়ৰ সৈতে যোগাযোগ ৰাখিব পাৰিব ৷