অসম

assam

ETV Bharat / state

Assam cabinet decisions: উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায়ৰ কৰা হ’ল পলিটেকনিক ডিপ্ল’মাৰ পাঠ্যক্ৰম - 5G services in Assam

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষা আৰু নিযুক্তি খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই অনুসৰি অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি ব'ৰ্ডৰ সংশোধনীত অনুমোদন জনায় কেবিনেটে ৷ তদুপৰি চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ সাতটা বিভাগৰ পাঠ্যক্ৰমত দুখনকৈ আসন সংৰক্ষণৰ সিদ্ধান্ত লয় কেবিনেটে (Assam weekly Cabinet meeting decision) ৷

Assam weekly Cabinet meeting
অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক

By

Published : Feb 22, 2023, 7:48 PM IST

Updated : Feb 22, 2023, 8:25 PM IST

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: দিছপুৰ জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Assam Cabinet meeting) । কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Assam minister Jayanta Malla Baruah) সাংবাদিকমেলৰ জৰিয়তে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰে । কেবিনেটত পলিটেকনিক ডিপ্ল’মা পাঠ্যক্ৰম উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেটত অসম অভিযান্ত্ৰিক নিযুক্তি ব’ৰ্ডৰ (Assam Engineering Service Recruitment Board) সংশোধন কৰি নতুন কমিটী গঠন কৰা‌ হয় । অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন, ২০০৯ সংশোধন কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়খন অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অধীনত অন্তৰ্গত কৰা হয় । আকৌ ৰাজ্যিক স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ‌ বাবে চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় । চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ সাতটা বিভাগৰ পাঠ্যক্ৰমত দুখনকৈ আসন সংৰক্ষণ কৰা হ’ব (Assam cabinet decisions) ।

লগতে পঢ়ক :JP Nadda Appreciated Modi: মোডীৰ অধীনত কঠোৰ সিদ্ধান্ত ল'বলৈ ভাৰতে কুণ্ঠাবোধ নকৰে; জে পি নাড্ডা

ইপিনে অসম ফ্লাইং ক্লাৱ ছ’চাইটি নতুনকৈ গঠন কৰি মুখ্যমন্ত্ৰীক ছ’চাইটিৰ নতুন কমিটীৰ অধ্যক্ষ হিচাপে ৰখা হয় । ফাইভ জি ইন্টাৰনেট সেৱা (5G services in Assam) গ্ৰামাঞ্চলত সহজ কৰাৰ‌ বাবে ইন্টাৰনেটৰ নতুন নিয়মাৱলী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত বিটিআৰৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত কৰা ২০২২- ২৩ চনৰ দ্বিতীয় কিস্তি ৩৬১.৪২ লাখ‌ টকা মোকলাই দিয়াৰ সিদ্ধান্ত লোৱা হয়‌ । কেবিনেটত Assam public safety বিধেয়কত অনুমোদন জনোৱা হয় । অহা বিধানসভাৰ অধিৱেশনত এই বিধেয়ক উত্থাপন কৰা হ'ব ।

এই বিধেয়কৰ জৰিয়তে সকলো G2 অট্টালিকাত আৰু পাঁচজন তথা পাঁচজনতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানত চিচিটিভি সংযোগ কৰা বাধ্যতামূলক কৰা হৈছে । আকৌ চিচিটিভিৰ ভিডিঅ' ত্ৰিশ দিনলৈ‌ সংৰক্ষিত থাকিব লাগিব । আনহাতে, কেবিনেটত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২৭০ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যত এহেজাৰটা নতুন অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা, দুখন জিলাত তিনিটা গ্ৰাম্য পথ নিৰ্মাণ কৰা আৰু ভূমি সংৰক্ষণৰ‌ বাবে ৪১৪ কোটি টকাৰ অনুমোদন জনোৱা হৈছে ।

লগতে পঢ়ক :Pollution in Guwahati: বিষাক্ত বতাহ; গুৱাহাটীত বৃদ্ধি পাইছে শিশু ৰোগীৰ সংখ্যা

Last Updated : Feb 22, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details