ETV Bharat / state
Inquiry order by Assam Govt: মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ - Firing in Assam Meghalaya border
পশ্চিম জয়ন্তীয়া জিলাত সংঘটিত গুলীবৰ্ষণ কাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ (Assam Meghalaya dispute) ৷ উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা কৰোৱা হ’ব এই তদন্ত ৷ মঙলবাৰে পুৱা মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰ’ অঞ্চলত সংঘটিত হৈছিল গুলীয়াগুলী ৷


Inquiry order by Assam Govt
By
Published : Nov 22, 2022, 6:48 PM IST
| Updated : Nov 22, 2022, 6:58 PM IST
- পশ্চিম জয়ন্তীয়া জিলাত সংঘটিত গুলীবৰ্ষণ কাণ্ডৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ(Judicial inquiry of Meghalaya border firing)
- উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা কৰোৱা হ’ব এই তদন্ত
- তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ অসমৰ মুখ্যমন্ত্ৰীৰ
মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ
- মঙলবাৰে পুৱা মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰ’ অঞ্চলত সংঘটিত হৈছিল গুলীয়াগুলী(Firing in Assam Meghalaya border)
- একাংশ দুষ্কৃতিকাৰীয়ে চোৰাং কাঠৰ ট্ৰাক লৈ যোৱা সময়তে অসম আৰক্ষীৰ দলৰ সৈতে সাংঘাতৰ সূত্ৰপাত ঘটে
- পৰৱৰ্তী সময়ত প্ৰায় 300 স্থানীয় খাছি লোকে অসম আৰক্ষী তথা বন বিভাগৰ তহলদাৰী দলক আক্ৰমণ কৰিবলৈ খেদি আহে
- ফলত গুলী চলাবলৈ বাধ্য হয় আৰক্ষীৰ দলটো
- অসম আৰক্ষীৰ গুলীত পাঁচজন খাছি লোক নিহত হোৱাৰ বিপৰীতে বিপৰীত পক্ষৰ আক্ৰমণত নিহত হয় এজন আৰক্ষী জোৱান
- পৰৱৰ্তী সময়ত উত্তেজিত একাংশ লোকে জ্বলাই দিয়ে বনবিভাগৰ এটা কাৰ্যালয়
- বৰ্তমান শ্বিলঙলৈ সকলো পথতে অসমৰ পৰা যাতায়াত বন্ধ কৰি দিয়া হৈছে
Last Updated : Nov 22, 2022, 6:58 PM IST