গুৱাহাটী,২০ নৱেম্বৰ :বানত ক্ষতি হোৱা ৰাজ্যৰ পথ-দলং-মথাউৰি আদিৰ মেৰামতিৰ কাম আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে(Assam Government aims to build roads bridges)। কিন্তু এই মেৰামতিৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ধন বিচাৰি কেন্দ্ৰক অনুৰোধ জনাইছে (Flood affect of Assam)৷ বিশেষকৈ এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুঁজি) শিতানত অধিক ধন মোকোলাই দিয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰ আগতীয়াকৈ অসমক এন ডি আৰ এফ শিতানত ২৫০ কোটি টকা প্ৰদান কৰিছে যদিও ৰাজ্যখনত বানে কৰা ক্ষতিৰ তুলনাত এই ধন একেবাৰে নগণ্য। ইফালে ৰাজ্য চৰকাৰখনে বিগত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বানত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি কেন্দ্ৰৰ পৰা মুঠ ৪৪১৬ কোটি টকা বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে পুনৰ কেইবাখনো জিলা বানে বুৰাই পেলোৱাৰ ফলত এতিয়া ৰাজ্য চৰকাৰখনে অতিৰিক্তভাৱে আন এখন প্ৰতিতিবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে ।
অতিৰিক্ত প্ৰতিবেদনখন দাখিলৰ লগে লগে নিশ্চিতভাৱে ক্ষয়-ক্ষতিৰ পৰিমাণো বৃদ্ধি পাব৷ জানিব পৰা মতে চলিত মাহৰ শেষৰ ফালে ৰাজ্য চৰকাৰখনে এই প্ৰতিবেদন দাখিল কৰিব ৷ ইফালে কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰালৈ ৰৈ নাথাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাতত থকা পুঁজিৰেই বানত ক্ষতি হোৱা পথ-দলং-মথাউৰি আদিৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ বাবে জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে ৷ ইয়াৰ বাবে প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰখনে ১৪৮০ কোটি টকা মোকোলাই দিব ।