অসম

assam

ETV Bharat / state

ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ ! - ভাৰতীয় ৰিজাৰ্ভ বেংক

ঋণৰ বোজাৰে চলি আছে বৰ্তমানৰ ৰাজ্য চৰকাৰ ৷ কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰনালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ২০২০-২০২১ বিত্তীয় বৰ্ষলৈকে অসমে বিভিন্ন উংসৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৭৯,৭৫৫ কোটি টকা ৷

assam goverment loan
ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

By

Published : Oct 28, 2021, 2:27 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ : ওপৰে ৰং চং ভিতৰে কোৱাভাতুৰী ! অসমত ৰাজ্য চৰকাৰ খনৰো ঠিক এনে এটা অৱস্থাই হৈছেগৈ । বিভিন্ন উৎসৰ পৰা উচ্চ হাৰৰ সূদত ঋণ লৈ সেই টকাৰে হিতাধিকাৰী সৃষ্টি কৰা, উপ-নিৰ্বাচনৰ প্ৰচাৰত বিভিন্ন উন্নয়নমূলক আঁচনি ঘোষণা কৰা আদিতে ব্যস্ত আছে ৰাজ্য চৰকাৰ ।

শেহতীয়াকৈ কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্ৰনালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০-২০২১ বিত্তীয় বৰ্ষলৈকে অসমে বিভিন্ন উংসৰ পৰা লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৭৯,৭৫৫ কোটি টকা । চলিত বিত্তীয় বছৰটোতে অসম চৰকাৰে প্ৰায় ১৮ হাজাৰ কোটি টকা ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিত্ত বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ লগতে সূত্ৰটোৱে সদৰী কৰিছে যে, এইটো গতিৰে যদিহে ৰাজ্য চৰকাৰখনে ঋণ লৈ থাকে তেন্তে চলিত বিত্তীয় বৰ্ষৰ শেষলৈ অসমে লোৱা ধাৰৰ পৰিমাণ প্ৰায় ৯৭ হাজাৰ কোটি টকাৰো অধিক হ’ব ।

লগতে পঢ়ক :আকাশবাণীৰ বাতৰি পঢ়িবলৈ আৰু ঘূৰি নাহে অৱন বৰপূজাৰী

আজিৰ তাৰিখলৈকে চৰকাৰখনে পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণ প্ৰায় সাত হাজাৰ কোটি টকা । মনকৰিবলগীয়া যে, পূৰ্বৰ তৰুণ গগৈ চৰকাৰখনে দি থৈ যোৱা ঋণৰ বোজাই আছিল প্ৰায় ৩৫,৬৯০ কোটি টকা । ২০১৯-২০ বৰ্ষত এই ঋণৰ পৰিমাণ হৈছিল ৬৭ হাজাৰ কোটি টকা ।

ইপিনে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত অসম চৰকাৰে নিজা ষ্টক নিলামৰ জৰিয়তে চলিত বৰ্ষৰ জুলাই মাহত ৫০০ কোটি টকা, আগষ্ট মাহত ২,২০০ কোটি টকা, ছেপ্টেম্বৰ মাহত ১,২০০ কোটি টকা আৰু অক্টোবৰ মাহত এতিয়ালৈকে ১,৬০০ কোটি টকা মুকলি বজাৰৰ পৰা ঋণ লৈছে ।

লগতে পঢ়ক :গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

ABOUT THE AUTHOR

...view details