গুৱাহাটী,11 মেঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত বাক্কলহ শীৰ্ষক এক অনুষ্ঠান। ৫টাকৈ ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ অনুষ্ঠানত।
গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যমৰ যুক্তি - বিশ্ববিদ্যালয়
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভাৰতীয় জাতীয় ছাত্ৰ সংগঠন, ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই অংশগ্ৰহণ কৰে এই যুক্তি ৰণ অনুষ্ঠানত। সংবাদ মাধ্যমৰ ভুমিকা সন্দৰ্ভত বহু দিশ আঙুলিয়াই এই অনুষ্ঠানত।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বাক্কলহ শীৰ্ষক এক অনুষ্ঠান। বৰ্তমান সমাজৰ আঞ্চলিকতাবাদ, যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যমৰ ওপৰত এক যুক্তি ৰণ অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,ভাৰতীয় জাতীয় ছাত্ৰ সংগঠন, ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই অংশগ্ৰহণ কৰে এই যুক্তি ৰণ অনুষ্ঠানত। অনুষ্ঠানটো সঞ্চালনা কৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত বহু দিশ আলোচনা অনুষ্ঠানত। তাৰোপৰি এই অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পত্ৰিকা 'GU TIMES' উন্মোচন কৰা হয়।
অধিক পঢ়িবলৈ-অসমীয়া ছবিৰ এক নতুন জোৱাৰ "বৰনদী ভটিয়ায় "