অসম

assam

ETV Bharat / state

নেমকেয়াৰ হাস্পতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - বিনামূলীয়া স্বাস্থ্য শিবিৰ

গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ উদ্যোগত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । ইতিমধ্যে নেমকেয়াৰ হাস্পাতলত অনুষ্ঠিত হোৱা বিনামূলীয়া স্থাস্থ্য শিবিৰত প্ৰায় ৪০০ ৰোগীয়ে স্থাস্থ্য পৰীক্ষা কৰে ।

মাহেকত এবাৰ তেজ পৰীক্ষা কৰকঃ ডাঃ হিতেশ বৰুৱা

By

Published : Jul 27, 2019, 11:19 PM IST


গুৱাহাটী, ২৭ জুলাইঃ গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই আয়োজন কৰিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । হেপেটাইটিছ বি অথবা চিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশেষ পদক্ষেপ চিকিৎসকগৰাকীৰ ।

মাহেকত এবাৰ তেজ পৰীক্ষা কৰকঃ ডাঃ হিতেশ বৰুৱা

বিশ্ব হেপেটাইটিছ দিৱস উপলক্ষে মহানগৰীৰ নেমকেয়াৰ হস্পিতালত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰ । প্ৰতি সোমবাৰে ১০-১২বজালৈ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পদক্ষেপ হাতত লৈছে নেম কেয়াৰ হস্পিতাল কৰ্তৃপক্ষই । অন্য ৰোগৰ দৰে হেপেটাইটিছ বি অথবা চিৰ ক্ষেত্ৰত সাধাৰণ ৰাইজ সজাগ নহয় । তাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে নেমকেয়াৰ হস্পিতালে হাতত লৈছে বিভিন্ন পদক্ষেপ । শণিবাৰে নেমকেয়াৰ হস্পিতালৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই । এই ৰোগৰৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনাই ডাঃ বৰুৱায় । তাৰোপৰি সকলোকে মাহেকত এবাৰ তেজ পৰীক্ষা কৰিবলৈও আহ্বান জনায় নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই । লগতে উক্ত সংবাদমেলত উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মনি বৌ খ্যাত পাপৰি বৰুৱা । বৰুৱাই সকলোকে স্থাস্থ্যৰ ক্ষেত্ৰত লবলগীয়া যত্ন অটুত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বৰুৱাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে নেমকেয়াৰ হাস্পতালৰ সকলো কৰ্মচাৰীকে ধন্যবাদ জনায় । উল্লেখ্য যে, নেমকেয়াৰ হাস্পাতলত অনুষ্ঠিত হোৱা বিনামূলীয়া স্থাস্থ্য শিবিৰত প্ৰায় ৪০০ ৰোগীয়ে স্থাস্থ্য পৰীক্ষা কৰে ।

ABOUT THE AUTHOR

...view details