অসম

assam

ETV Bharat / state

Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি - The Muslim Personal Law

অসমত বহুবিবাহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ অংশ স্বৰূপে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে পূৰ্বৰ ঘোষণা অনুসৰিয়েই গঠন কৰিলে বিশেষজ্ঞ কমিটী (Polygamy in Assam) ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত গঠন কৰা হৈছে এই 4 জনীয়া কমিটীখন (Assam Forms Four Member Expert Committee on Polygamy) ৷ অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়া আৰু অতিৰিক্ত মহাধিবক্তা নলিন কোহলিক সদস্য হিচাপে নিৰ্বাচন কৰা হৈছে ।

Enact law to stop polygamy
বহুবিবাহ নিষিদ্ধকৰণৰ প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ

By

Published : May 12, 2023, 7:39 AM IST

গুৱাহাটী, 12 মে’ :বহুবিবাহ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাচত গঠন কৰা হ'ল এজন বিশেষজ্ঞ সমিতি । বহুবিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত আইনী পৰীক্ষাৰ লগতে আইন এখন প্ৰণয়ন কৰাৰ বাবে গঠন কৰা হৈছে এখন দক্ষতাসম্পন্ন বিশেষজ্ঞ সমিতি (Assam Forms Expert Committee on Polygamy) । বৃহস্পতিবাৰে চৰকাৰে গঠন কৰি দিয়ে এই সমিতিখন । সামাজিক মাধ্যকযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সমিতিখনত অধ্যক্ষ হিচাপে আছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকন । আনহাতে, সদস্য হিচাপে আছে মহাধিবক্তা দেবজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলী আৰু অধিবক্তা নেকিবুৰ জামান (Assam Forms Four Member Expert Committee on Polygamy) । সমিতিখনক প্ৰতিবেদন দাখিলৰ বাবে 60 দিনৰ সময়সীমা দিয়া হৈছে । অৰ্থাৎ দুমাহৰ ভিতৰত সমিতিখনে প্ৰতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য যে, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰে বহুবিবাহ বন্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰিব (Enact law to stop polygamy) । লক্ষণীয় বিষয় যে, মঙলবাৰে চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছিল । সেই সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে বাল্যবিবাহৰ দৰে বহুবিবাহ বন্ধ কৰাৰ বাবে আইন প্ৰণয়নৰ কথা ঘোষণা কৰিছিল (Polygamy in Assam) । ইয়াৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰাৰ কথা উল্লেখ কৰিছিল । সেই অনুসৰি বৃহস্পতিবাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয় (Assam Govt sets up expert committee to enact law to stop polygamy)।

উল্লেখ্য যে, যোৱা 9 মে’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে অহা ছমাহৰ ভিতৰত ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰিছিল ৷ ঘোষণা কৰিছিল এখন বিশেষজ্ঞ কমিতিৰ পৰামৰ্শ মতে বহু বিবাহ নিষিদ্ধ কৰাৰ উদ্দেশ্যৰে আইন আনিব অসম চৰকাৰে । তাৰবাবে আইনী দিশবোৰ পৰ্যালোচনা কৰাৰ বাবে আইনজ্ঞৰে এখন কমিটী গঠন কৰিব বুলিও লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল । মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) আইনৰ বিধানসমূহো ফঁহিয়াই পৰ্যালোচনা কৰিব কমিটীখনে ৷

ভাৰতীয় সংবিধানৰ 25 নং অনুচ্ছেদৰ সৈতে The Muslim Personal Law (Shariat) Act, 1937 ৰ বিধানসমূহ একেধৰণৰ নাগৰিক সংহিতাৰ বাবে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ সম্পৰ্কত কমিটীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিব । চৰকাৰৰ দ্বাৰা নিৰ্বাচিত আইনজ্ঞৰ দ্বাৰা গঠিত হোৱা কমিটীখনে মুছলমান নেতাসকলৰ সৈতেও এই বিষয়ত আলোচনা কৰিব ৷ লগতে ইছলামিক ধৰ্মগুৰুসকলৰ সৈতেও আলোচনা কৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত গঠিত হোৱা 4 জনীয়া কমিটীখনে ৷

লগতে পঢ়ক :States Corporations of Assam: দুবছৰীয়া কাৰ্যকালত চৰকাৰৰ সুদৃষ্টি নপৰিল ৰাজ্যৰ নিগম নিকায়সমূহত

ABOUT THE AUTHOR

...view details