অসম

assam

By

Published : Jun 26, 2021, 8:32 PM IST

ETV Bharat / state

টংলা পৌৰসভাৰ বিৰুদ্ধে এজাহাৰ বন বিভাগৰ

ওদালগুৰি জিলাত সংঘটিত বগলী নিধনৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন সংগঠনে টংলা পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বন বিভাগে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে ।

Egrat nest destroy
বগলী হত্যাকাৰী টংলা পৌৰ সভাৰ বিৰুদ্ধে এজাহাৰ বন বিভাগৰ

গুৱাহাটী, ২৬ জুন :শেহতীয়াকৈ অসমত এক আজৱ কাণ্ড সংঘটিত হৈছে । যিটো সময়ত চৰকাৰে প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কথা কৈছে, তেনে সময়তে অসমৰ এটা অঞ্চলত বন্যপ্ৰাণী নিধনত নামিছে খোদ পৌৰসভা । ওদালগুৰি জিলাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা । টংলা পৌৰসভাৰ(Tangla Municipal Board) কাৰ্যবাহী সদস্যৰ নিৰ্দেশত হত্যা কৰা হৈছে বহুসংখ্যক বগলী ।

উল্লেখ্য যে, টংলা পৌৰসভাৰ অন্তৰ্গত জালুকবাৰী অঞ্চলত বাঁহৰ গছত যথেষ্ট সংখ্যক বগলীৰ বাঁহ আছিল । কিন্তু সেই বগলীবোৰৰ বাবে পৰিৱেশ প্ৰদূষিত হোৱা বুলি স্থানীয় পৌৰসভাই অভিযোগ কৰিছিল । লগতে পৌৰসভাৰ কাৰ্যবাহী সদস্যই যোৱা ৮ জুনত বগলীয়ে বাঁহ লৈ থকা অঞ্চলটোৰ পাঁচগৰাকীকৈ বাসিন্দাক জাননী প্ৰেৰণ কৰিছিল ।

জাননীত উল্লেখ কৰা হৈছিল যে বগলীৰ (Egrets) বিষ্ঠাৰ ফলত অঞ্চলতো যথেষ্ট পৰিমাণে প্ৰদুষিত হৈছে । ক'ভিড সংক্ৰমণৰ সময়ত এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু সংক্ৰমণৰ অধিক আশংকা আছে । সেয়ে বগলীৰ বাঁহবোৰ পৰিষ্কাৰ কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিছিল পৌৰসভাই ।

কিন্তু এই নিৰ্দেশৰ পিছতো লোককেইজনে বাঁহবোৰ পৰিষ্কাৰ কৰা নাছিল, যাৰ বাবে পৌৰসভাই যোৱা ২৪ জুনত পৌৰসভাৰ কৰ্মীসকলৰ দ্বাৰা বগলীৰ বাঁহবোৰ ভাঙি পেলাই যথেষ্ট সংখ্যক বগলীক হত্যা কৰিছিল । পৌৰ নিগমৰ এনে কাৰ্যত এতিয়া সৰ্গহস্ত হৈছে সচেতন লোক । অমানৱীয় এনে কাৰ্যকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বহুতে টংলা পৌৰসভাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ।

ইয়াৰ পিছত অসমৰ বন বিভাগ সষ্টম হৈ উঠে আৰু পৌৰসভাৰ এনে কাৰ্যক গৰিহণা দিছে । লগতে বগলী হত্যাৰ বাবে পৰিৱেশ আৰু বন বিভাগ কৰ্তৃপক্ষই টংলা পৌৰসভাৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে । বন বিষয়াই জনোৱা মতে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ধাৰা ৫৫ ৰ অধীনত কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ(Chief Judicial magistrate) আদালতত গোচৰ ৰুজু কৰা হ'ব ।

টংলাৰ বিভাগীয় বন বিষয়াই জনোৱা মতে, ৮৮ টা বগলীৰ পোৱালী ইতিমধ্যে উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । স্থানীয় বন কৰ্তৃপক্ষই বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত জ্যেষ্ঠ নাগৰিক, বেচৰকাৰী সংগঠন আৰু চৰকাৰী বিষয়াসকলৰ সৈতে সজাগতা বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ঘটনাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে বহু প্ৰকৃতিপ্ৰেমী লোক তথা সংগঠনে ।

লগতে পঢ়ক:কোকৰাঝাৰ-চিৰাঙত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন

ABOUT THE AUTHOR

...view details