গুৱাহাটী, 8 মে’: দিছপুৰৰ জনতা ভৱনত সোমবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে কামৰূপ জিলাৰ চাংসাৰিৰ এইমছৰ ওচৰত অসম ফৰেনছিক গৱেষণা বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব (Assam Forensic Research University) ৷
এই বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে 150 বিঘা মাটি এইমছৰ ওচৰত অধিগ্ৰহণ কৰা হ’ব ৷ সম্প্ৰতি এই বিশ্ববিদ্যালয়ৰ কাম-কাজ সাময়িকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চৌদহত পৰিচালনা কৰা হ’ব ৷ ইপিনে বিভিন্ন চৰকাৰী বিভাগত পৰৱৰ্তী সময়ত নিযুক্তি পাবলগীয়া কৰ্মচাৰীসকলৰ কামৰ গতিশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে আন বিভাগৰ কামত জড়িত হ’ব লাগিব (Assam cabinet decision) ৷
এই ক্ষেত্ৰত শীঘ্ৰে বিধানসভাত এখন বিল উত্থাপন কৰা হ’ব ৷ বিধানসভাত এই আইনখন গৃহীত হোৱাৰ পিচত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব ৷ কেবিনেটত প্ৰাক্তন সৈনিকসকলে বা তেওঁৰ পত্নীয়ে অসমত এবাৰ মাটি বা ফ্লেটৰ ক্ৰয় কৰিলে তাৰ পঞ্জীয়ন মাচুল 75 শতাংশ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, অসমত এনে 11 হাজাৰ প্ৰাক্তন সৈনিক আছে ৷