অসম

assam

ETV Bharat / state

Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ - ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ল'লে খবৰ । বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগীতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্রীৰ । কঠিন এই সময়ত মোডী চৰকাৰ অসমৰ ৰাইজৰ লগত আছে । অমিত শ্বাহৰ টুইটৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জ্ঞাপন কৰিলে কৃতজ্ঞতা ।

Assam floods
অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

By

Published : Jun 25, 2023, 1:13 PM IST

গুৱাহাটী,২৫ জুন: ভয়াৱহ বানৰ কবলত পৰিছে ৰাজ্য । বাৰিষাৰ প্ৰথমটো বানত এতিয়ালৈকে ৰাজ্যখনৰ ১৫ খন জিলাৰ ৪ লাখৰো অধিক লোক বানৰ কবলত পৰিছে । ইতিমধ্যে বানত তিনিজন লোকৰ মৃত্যু হৈছে । ৰাজ্যৰ এই ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ফোনযোগে খবৰ কৰি বুজ লৈছে । এই কথা অমিত শ্বাহে টুইট যোগে সদৰি কৰিছে ।

টুইটাৰত কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কৈছে যে ধাৰাসাৰ বৰষুণৰ বাবে অসমৰ কিছু অংশৰ লোকে ভয়াৱহ বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছে । এই সন্দৰ্ভত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ কথা উল্লেখ কৰিছে । তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে । ইতিমধ্যে এন ডি আৰ এফে ৰাইজৰ সহায় কৰাৰ বাবে উদ্ধাৰ অভিযান ব্ৰতী হৈ থকাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্রীয়ে উল্লেখ কৰিছে ।

অসমৰ বান পৰিস্থিতি

কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে এই কঠিন সময়ত মোডী চৰকাৰ অসমৰ ৰাইজৰ লগত আছে । ইফালে অমিত শ্বাহৰ টুইটৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীক তেওঁৰ সঁহাৰি আৰু অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । অসম চৰকাৰে বান প্ৰভাৱিত ৰাইজক সকাহ দিয়াৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । মুখ্যমন্ত্রীয়ে এই কঠিন সময়ত সহায় আগবঢ়োৱাৰ বাবে মোডী চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যৰ বাক্সা, বৰপেটা, বজালী, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ ৪ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । ১৫খন জিলাৰ ১১১৮ খন গাঁও বানত বুৰ গৈছে । ইফালে বানত ক্ষতিগ্ৰস্ত হোৱা ৪০৭৭৭১ জন লোকৰ ভিতৰত আছে ১৮৭১১৫ জন পুৰুষ, ১৬৭৫৩৮ গৰাকী মহিলা আৰু ৫৩১১৯ টি শিশু ।

অসমৰ বান পৰিস্থিতি

আনহাতে বানবিধ্বস্ত জিলাসমূহত ২২০ টা আশ্ৰয় শিবিৰ আৰু ১০১ টা সাহায্য সামগ্ৰী বিতৰণ শিবিৰৰ ব্যৱস্থা কৰা হৈছে । আশ্ৰয় শিবিৰত ৮১৩৫২ জন লোকে অৱস্থান কৰিছে । ইয়াৰ ভিতৰত ৩৫৬৭৩ জন পুৰুষ, ৪১২৮৩ গৰাকী মহিলা আৰু ৪৩১৮ টি শিশু আছে। তদুপৰি আশ্ৰয় শিবিৰত ৪৯ গৰাকী গৰ্ভৱতী মহিলা আৰু ২৯ গৰাকী বিশেষভাৱে সক্ষম লোক আছে । ইফালে বানত ৬৩২৮৫ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে বানত ক্ষতিগ্ৰস্ত হৈছে ৮৪৭০ হেক্টৰ কৃষিভূমি । বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যখনত চলাইছে ব্যাপক তাণ্ডৱলীলা ।

লগতে পঢ়ক:Assam Flood Update: মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি, বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ABOUT THE AUTHOR

...view details