নিউজ ডেস্ক,8 আগষ্টঃ ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক হৈ উঠিছে বান পৰিস্থিতি ৷ কৰ’ণা ভাইৰাছে ৰাজ্যৱাসীক আতংকিত কৰি তুলাৰ সময়তে বানে ধাৰণ কৰিছিল সংহাৰী ৰূপ ৷ সম্প্ৰতি বান পৰিস্থিতি কিছু সুস্থিৰ হৈ উঠাত শনিবাৰৰ বিয়লি ভাগলৈকে ৰাজ্যখনৰ চাৰিখন জিলা ক্ৰমে ধেমাজি, বাক্সা, কোকৰাঝাৰ আৰু মৰিগাঁও বানৰ কৱলত আছে ৷
ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ
ৰাজ্যখনত বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক ৷ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অবস্থালৈ আহিছে যদিও এতিয়াও ৰাজ্য খনৰ চাৰিখন জিলা বানৰ কৱলত আছে ৷
ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ
ইপিনে ব্ৰহ্মপুত্ৰ নদী যোৰহাটৰ নিমাটিঘাতত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ তথ্য পোৱা গৈছে ৷ ৰাজ্যখনৰ 4 টা ৰাজহ চক্ৰ এলেকাৰ 98 খন গাঁও বানৰ কৱলত থকাৰ বিপৰীতে 5,375 হেক্টৰ কৃষিভূমিৰ এলেকা বানত ক্ষতিগ্ৰস্ত হৈছে ৷ আনহাতে এতিয়াও 6,435 গৰাকী লোক বানৰ দ্ৱাৰা প্ৰভাবিত হৈ আছে ৷ চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষই 73 টা আশ্ৰয় শিৱিৰ স্থাপন কৰি বানাক্ৰান্ত ৰাইজক সাৰ্হায প্ৰদান কৰি আছে ৷ উল্লেখ যোগ্য যে, বৰ্তমানলৈকে ৰাজ্যত বানৰ ফলত 110 গৰাকী লোকে অকাল মৃত্যুক আকোঁৱালি লৈছে ৷