অসম

assam

By

Published : Jul 26, 2020, 2:42 PM IST

ETV Bharat / state

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

অপৰিৰ্বতিত ৰাজ্যৰ বান পৰিস্থিতি ৷ উজনিৰ পৰা নামনিলৈ চৌদিশে বানৰ সংহাৰ ৷ 97 গৰাকীয়ে বানৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷

ASSAM FLOOD UPDATE
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

নিউজ ডেস্ক,26জুলাইঃ ৰাজ্যত কৰ‘ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বানে লৈছে সংহাৰী ৰূপ ৷ ৰাজ্যখনত এতিয়াও 24 খন জিলা বানৰ কৱলত আছে ক্ৰমে ধেমাজি, শোণিতপুৰ, বিশ্বনাথ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু কাছাৰ জিলা ৷

ইপিনে ব্ৰহ্মপুত্ৰ নদী যোৰহাট, শোণিতপুৰ, গুৱাহাটী,গোৱালপাৰা আৰু ধুবুৰীত বিপদ সীমাৰ ওপৰে বৈ আছে ৷ তাৰ বিপৰীতে ধনশিৰি গোলাঘাট, জীয়াভৰলী শোণিতপুৰ, কপিলী নগাঁও, বেকী বৰপেটা, কুছিয়াৰা কৰিমগঞ্জ, সোণকোষ নদী ধুবুৰীত বিপদ সীমাৰ ওপৰে বৈ আছে ৷ ৰাজ্যখনৰ সম্প্ৰতি 67 টা ৰাজহ চক্ৰৰ 2,367 খন গাঁও বানত প্লাৱিত হৈ আছে ৷ 26,09,677 গৰাকী লোক বানত প্ৰভাৱিত হোৱাৰ বিপৰীতে 97 গৰাকী লোকে বানৰ ফলত মৃত্যুক আকোঁৱালি লৈছে ৷ আনহাতে 1,16,183,01 হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়কঃ বানাক্ৰান্তৰ পৰিস্থিতি বুজ ল’বলৈ চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details