নিউজ ডেস্ক, 8 জুলাইঃৰাজ্যত বানৰ বিধ্বংসী ৰূপ অব্যাহত আছে যদিও পূৰ্বতকৈ কিছু শাম কাটিছে বান পৰিস্থিতিয়ে ৷ ইতিমধ্যে যোৰহাট আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, শিৱসাগৰত দিচাং, গোলাঘাটত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলু নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদসীমা ৷ বানৰ ফলত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে ধেমাজি, লখিমপুৰ, চৰাইদেউ, বিশ্বনাথ, চিৰাং, নলবাৰী, বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু তিনিচুকীয়া জিলা ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে উল্লেখ কৰা তথ্য অনুসৰি ধেমাজিত 130 টা, লখিমপুৰত 15 টা, বিশ্বনাথত 5 টা, চিৰাঙত 1 টা, নলবাৰীত 3 টা, বৰপেটাত 65 টা, গোৱালপাৰাত 30 টা, মৰগাঁৱত 71 টা, নগাঁৱত 18 টা, গোলাঘাটত 6 টা, চৰাইদেউত 3 টা আৰু তিনিচুকীয়াত 1 টা অঞ্চলকে ধৰি সমগ্ৰ অসমতে মুঠ 348 টা অঞ্চলত বানৰ অত্যাধিক প্ৰভাৱ পৰিছে ৷
ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া সবিশেষ - ASSAM FLOOD
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে উল্লেখ কৰা তথ্য় অনুসৰি ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ শেতহীয়া তথ্য ৷ জানিবলৈ চাওক এই প্ৰতিবেদন...
আনহাতে বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ ৰাজ্যৰে মুঠ 1,70,956 গৰাকী লোক ৷ ধেমাজিত 48571 গৰাকী, লখিমপুৰত 6509 গৰাকী, বিশ্বনাথত 85 গৰাকী, চিৰাঙত 228 গৰাকী, নলবাৰীত 65420 গৰাকী, গোৱালপাৰাত 27941 গৰাকী, মৰিগাঁৱত 5221 গৰাকী, নগাঁৱত 5215 গৰাকী, গোলাঘাটত 7800 গৰাকী, চৰাইদেউত 346 গৰাকী আৰু তিনিচুকীয়াত 20 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত ৷ বানৰ বাবে অসমৰ ভিন্ন প্ৰান্তত মুঠ 35 টাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ এই আশ্ৰয় শিবিৰ সমূহত মুঠ 1,095 গৰাকী লোক আছে ৷ 8 জুলাইৰ দিনটোত ৰাজ্যখনত বানৰ কবলত পৰি এগৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে বানৰ ফলত বৰ্তমানলৈ অসমত মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 40 গৰাকীলৈ ৷