অসম

assam

ETV Bharat / state

ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও

ৰাজ্যত বৰ্তমানো বৃদ্ধি পাই আছে জলস্তৰ ৷ কাজিৰঙা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চলো বানৰ কৱলত পৰিছে ৷

ASSAM FLOOD UPDATE TODAY
ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও

By

Published : Jun 29, 2020, 1:12 PM IST

নিউজ ডেস্ক, 29 জুন :অসমত অব্যাহত আছে বানৰ সংহাৰ ৷ সোমবাৰে পুৱা পৰ্যন্ত ৰাজ্যত বানত 20 জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে 22 খন জিলাৰ 2,086 খন গাঁৱৰ 9,67,839 জন লোক ৷ ধেমাজি,লখিমপুৰ,বিশ্বনাথ,নলবাৰী,বৰপেটা,নগাঁও,গোলাঘাট,যোৰহাট,মাজুলী,শিৱসাগৰ,ডিব্ৰুগড়ৰ, তিনিচুকীয়া,কোকৰাঝাৰ,গোৱালপাৰা,কামৰূপ,কামৰূপ গ্ৰাম্য,দৰং,বঙাইগাঁও,দক্ষিণ শালমাৰা,ধুবুৰী,মৰিগাঁও,পশ্চিম কাৰ্বি আংলং জিলাৰ বিস্তৃৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷ বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ বানত সোমবাৰে পুৱা পৰ্যন্ত ৰাজ্যৰ প্ৰায় 71 টা ৰাজহ চক্ৰৰ 2086 খন গাঁও জলমগ্ন হৈছে ৷ বানৰ কৱলত পৰি ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয়হীন হৈছে প্ৰায় 9,67,839 জন লোক ৷ কাজিৰঙা আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চলো বৰ্তমান বানৰ কৱলত পৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ বন্য প্ৰাণীয়ে বৰ্তমান আশ্ৰয় লৈছে ওখ স্থানত ৷

ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও

বানত আশ্ৰয়হীন হোৱা লোকক সাহাৰ্য প্ৰদানৰ কাৰণে প্ৰশাসনে বৰ্তমানলৈ 144 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে আৰু পুৱা পৰ্যন্ত প্ৰায় 28,308 জনে শিবিৰত আশ্ৰয় লৈছে ৷ একেদৰে ৰাজ্যৰ প্ৰায় 27 খন জিলাৰ 82 টা ৰাজহ চক্ৰৰ 98,850.04 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷ প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকৰ সাহাৰ্যৰ্থে 249 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে ৷

ৰাজ্যত বৰ্তমানো বৃদ্ধি পাই আছে জলস্তৰ ৷ যোৰহাটৰ নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰী বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী, নগাঁও কামপুৰত কপিলী, কামৰূপত পুথিমাৰী, নলবাৰীত পগলাদিয়া আৰু বৰপেটাত বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ আছে বুলি প্ৰকাশ কৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৷ আনহাতে ডিব্ৰুগড় জিলাৰো মূল চহৰৰ 22 টা ৱাৰ্ড বৰ্তমান বানৰ কৱলত পৰিছে ৷

ঠায়ে ঠায়ে বলিয়া বানে মথাউৰি লগতে ৰাষ্ট্ৰীয় ঘাইপথ চিঙি নিয়াত বিছিন্ন হৈছে যোগাযোগ ব্যৱস্থা ৷ মাজুলীত 7 টা, বৰপেটাত তিনিটা আৰু দৰঙত এটা মথাউৰি নতুনকৈ ছিঙি নিয়ে বানে ৷ ইয়াৰ উপৰি নলবাৰীত দুখন আৰু বৰপেটা, বঙাইগাঁৱতো এখনকৈ দলং উটুৱাই নিয়ে বানে ৷ বিশ্বনাথ জিলাৰ বিহমাৰীত বুৰৈ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ উল্লেখ্য যে, 22 মে'ত ৰাজ্যত আহিছিল প্ৰথমটো বান ৷

লগতে পঢ়ক: বৰপানী-কপিলী নৈৰ বানত বিধ্বস্ত কামপুৰ

ABOUT THE AUTHOR

...view details