অসম

assam

ৰাজ্যত বানত ক্ষতিগ্ৰস্ত 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক: মৃত্যু 18 জনৰ

By

Published : Jun 28, 2020, 3:15 PM IST

যোৰহাটৰ নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰী বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী, নলবাৰীত পাগলাদিয়া, বৰপেটাত নৃমানাহ আৰু বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

Assam Flood update : death toll rises to18
ৰাজ্যত বানত ক্ষতিগ্ৰস্ত 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক: মৃত্যু 18 জনৰ

নিউজ ডেস্ক, 28 জুন : চলিত বানত ৰাজ্যত 18 জন লোকৰ মৃত্যু হোৱাৰ লগতে বানৰ কৱলত পৰিছে 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷ বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি বানত দেওবাৰ পৰ্যন্ত জলমগ্ন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, গোৱালপাৰা, দৰং, বঙাইগাঁও, দক্ষিণ শালমাৰ, ধুবুৰী মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়াৰ 74 টা ৰাজহ চক্ৰৰ 1,696 খন গাঁও ৷ বানৰ কৱলত পৰি ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয়হীন হৈছে 5,65,000 জন লোক ৷ বানত আশ্ৰয়হীন হোৱা লোকক সাহাৰ্য প্ৰদানৰ কাৰণে প্ৰশাসনে 109 টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে আৰু আজি পুৱা পৰ্যন্ত প্ৰায় 21,416 জনে শিবিৰত আশ্ৰয় লৈছে ৷ একেদৰে ৰাজ্যৰ প্ৰায় 74 টা ৰাজহ চক্ৰৰ 72,665.48 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি কেইবাখনো জিলাত নদীৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে ৷ যোৰহাটৰ নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰী বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী, নলবাৰীত পাগলাদিয়া, বৰপেটাত নৃমানাহ আৰু বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷ জিলা প্ৰশাসনে অঞ্চলকেইটাত নদীকেইখনৰ জলস্তৰ বৃদ্ধিৰ ওপৰত সৰ্তক দৃষ্টি ৰাখিছে ৷ আনহাতে ডিব্ৰুগড়ত এটা, বৰপেটাত তিনিটা, বঙাইগাঁৱত দুটা মথাউৰি বানে ছিঙি নিয়াৰ লগতে কোকৰাঝাৰত এখন আৰু বঙাইগাঁৱত তিনিখন দলং বানে উটুৱাই নিয়ে ৷

লগতে পঢ়ক: চাৰিদিনলৈ বন্ধ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details