নিউজ ডেস্ক, 25 জুন : বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বানে লৈছে সংহাৰী ৰূপ ৷ বানৰ কৱলত পৰি এতিয়া দিশহাৰা হৈছে বন্যাৰ্ত ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দৈনিক বান প্ৰতিবেদনত নিশ্চিত কৰা তথ্য অনুসৰি শনিবাৰে ৰাজ্যখনত পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে ৷
এই প্ৰতিবেদন মতে, ৰাজ্যখনত শেহতীয়াকৈ বানত 407771 জন লোক প্ৰভাৱাম্বিত হৈছে ৷ ইয়াৰে ভিতৰত 187114 জন পুৰুষ, 167538 গৰাকী মহিলা আৰু 53119 টা শিশু বুলি জানিব পৰা গৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই বানত ৰাজ্যখনৰ 15 খন জিলাৰ 42 টা ৰাজহ চক্ৰৰ 1118 খন গাঁও প্ৰভাৱিত হৈছে ।
আনকি বানৰ ফলত 8469.56 হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷ সম্প্ৰতি বানৰ কৱলত থকা জিলা কেইখন হ’ল - বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ জিলা ৷