অসম

assam

By

Published : Jul 14, 2020, 8:37 AM IST

Updated : Jul 14, 2020, 10:03 AM IST

ETV Bharat / state

ৰাজ্যত বানত মৃত্যু 50 গৰাকীৰ

ৰাজ্যত বৰ্তমান পৰ্যন্ত 86 টা ৰাজহ চক্ৰ এলেকা বানৰ কৱলত থকাৰ বিপৰীতে 2,763 খন গাঁও বানত প্লাৱিত হৈ আছে বানত ৷ একেদৰে 1,03,806,15 হেক্টৰ ভূমি বানৰ কৱলত পৰাৰ বিপৰীতে 21,63,010 গৰাকী ব্যক্তি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

assam-flood-report
ৰাজ্যত অপৰিৱতিৰ্ত বান পৰিস্থিতি

নিউজ ডেস্ক,14জুলাইঃ ৰাজ্যত বান পৰিস্থতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৷ এইপৰ্যন্ত ৰাজ্যত বানত মৃত্যু হৈছে 50 গৰাকী ব্যক্তিৰ ৷ সমগ্ৰ ৰাজ্যখনৰ 27 খন জিলা এতিযাও বানৰ কবলত আছে যদিও কেবাখনো জিলাৰ বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে ৷ যোৰহাট, তেজপুৰ, গুৱাহাটী মেট্ৰ, গোৱালপাৰা, ধুৱুৰীকে ধৰি কেইবাখনো জিলাত এতিয়াও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে অতিক্ৰম কৰাৰ লগতে ৰাজ্যৰ কেইবাখনো নদ-নদী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ তথ্য আহি পৰিছে ৷ বৰ্তমান পৰ্যন্ত 86 টা ৰাজহ চক্ৰ এলেকা বানৰ কবলত থকাৰ বিপৰীতে 2,763 খন গাঁও বানত প্লাৱিত হৈ আছে ৷ 1,03,806,15 হেক্টৰ ভূমি বানৰ কৱলত পৰাৰ লগতে 21,63,010 জন ব্যক্তি বানত ক্ষতিগ্ৰস্ত হোৱা দেখা হৈছে ৷ সোমবাৰৰ দিনটোতে ৰাজ্যত বানৰ ফলত 6 জনকৈ ব্যক্তি মৃত্যু মুখত পৰাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনত বৰ্তমান বানৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা 50 জনলৈ বৃদ্ধি পাইছে ৷

ইপিনে ৰাজ্য চৰকাৰে এইপৰ্যন্ত ৰাজ্যৰ বিভিন্ন স্থানত 480 টা বান শিৱিৰ স্থাপন কৰিছে ৷ আনহাতে বানৰ সমান্তৰালকৈ মাজুলী, ওদালগুৰি, নলবাৰী, চিৰাঙত গৰাখহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ ঝাৰখণ্ডত একেদিনাই 66 গৰাকী আৰক্ষী কোভিড-19 পজিটিভ

Last Updated : Jul 14, 2020, 10:03 AM IST

ABOUT THE AUTHOR

...view details