অসম

assam

By

Published : Jul 31, 2020, 1:42 PM IST

Updated : Jul 31, 2020, 1:48 PM IST

ETV Bharat / state

কিছু উন্নত ৰাজ্যৰ বান পৰিস্থিতি : 108 গৰাকীয়ে হেৰুৱালে প্ৰাণ

শুকুৰবাৰৰ দিনটোলৈকে 52 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,310 খন গাঁও ৷ লগতে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 10,92,817 গৰাকী লোক ৷ লগতে 78,207.95 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 135 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,968 গৰাকী বানাক্ৰান্তই ৷ ইতিমধ্যে বানত প্ৰাণ হেৰুৱাইছে 108 গৰাকী লোকে ৷

Assam flood Report update Etv bharat news
কিছু উন্নত ৰাজ্যৰ বান পৰিস্থিতি

নিউজ ডেস্ক,31 জুলাই : ক্ৰমাৎ উন্নত হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি ৷ কিন্তু শুকুৰবাৰৰ দিনটোলৈকে বানত বুৰ গৈ আছে ৰাজ্যৰ 21 খন জিলা ৷ পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হ’লেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, ধুবুৰী আদিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অপৰিৱৰ্তিত হৈ আছে ৷ তদুপৰি নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী, নগাঁৱত কপিলী, বৰপেটাত বেকী, কৰিমগঞ্জত কুশিয়াৰা আদি উপনৈসমূহতো পূৰ্বৰ দৰে অপৰিৱৰ্তিতভাৱে বৈ আছে জলস্তৰ ৷ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী আৰু শিৱসাগৰ বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

কিছু উন্নত ৰাজ্যৰ বান পৰিস্থিতি

তদুপৰি শুকুৰবাৰৰ দিনটোলৈকে 52 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,310 খন গাঁও ৷ লগতে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 10,92,817 গৰাকী লোক ৷ লগতে 78,207.95 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 135 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,968 গৰাকী বানাক্ৰান্তই ৷ বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে স্থানীয় প্ৰশাসনে অবিৰতভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে বানত প্ৰাণ হেৰুৱাইছে 108 গৰাকী লোকে ৷

লগতে চাওকঃধুবুৰীত স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

Last Updated : Jul 31, 2020, 1:48 PM IST

ABOUT THE AUTHOR

...view details