অসম

assam

ETV Bharat / state

বানত প্ৰাণ হেৰুৱালে 110 গৰাকীয়ে

দেওবাৰলৈকে 53 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,307 খন গাঁৱৰ প্ৰায় 10,52,645 গৰাকী লোক ৷ লগতে 72,578.59 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 122 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,220 গৰাকী লোকে ৷ বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে 110 গৰাকী লোকে ৷

assam flood report etv bharat news
বান পৰিস্থিতি কিছু উন্নত

By

Published : Aug 2, 2020, 2:09 PM IST

নিউজ ডেস্ক,2 আগষ্ট:দেওবাৰৰ দিনটোলৈকে ৰাজ্যত বানত বুৰ গৈছে প্ৰায় 20 খন জিলা ৷ ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু শাম কাটিলেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, ধুবুৰী আদিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অপৰিৱৰ্তিত হৈ আছে ৷ তদুপৰি নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী, নগাঁৱত কপিলী, বৰপেটাত বেকী, কৰিমগঞ্জত কুশিয়াৰা আদি উপনৈসমূহতো পূৰ্বৰ দৰে অপৰিৱৰ্তিতভাৱে বৈ আছে জলস্তৰ ৷ ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী আৰু শিৱসাগৰত আজিকোপতি অব্যাহত আছে বানৰ তাণ্ডৱ ৷

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত

তদুপৰি দেওবাৰলৈকে 53 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,307 খন গাঁৱৰ প্ৰায় 10,52,645 গৰাকী লোক ৷ লগতে 72,578.59 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 122 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,220 গৰাকী লোকে ৷ বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে স্থানীয় প্ৰশাসনে অবিৰতভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে 109 গৰাকী লোকে ৷

বানৰ সমানে সমানে অব্যাহত আছে গৰাখহনীয়া ৷ কমলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্তিক চাপৰি আৰু আঁহতগুৰি গাঁও পঞ্চায়তৰ অধীনৰ প্ৰজাপ চাপৰিত খহনীয়াই ব্যাপক ক্ষতিসাধন কৰাৰ ফলত আতংকিত হৈ পৰিছে জন সাধাৰণ ৷

লগতে চাওকঃচিৰাঙত ডাইনী সন্দেহত দুই পৰিয়ালক আক্ৰমণ

ABOUT THE AUTHOR

...view details