নিউজ ডেস্ক, 9 জুলাই: অসমৰ কেইবাটাও স্থানত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত পুনৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলৰ পৰা মুক্ত হৈছিল যদিও পুনৰ সেই জিলাসমূহ বানৰ কবলত পৰা পৰিলক্ষিত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যৰ পাঁচখন জিলাৰ বিভিন্ন গাঁও বানৰ কৱলত আছে ৷
বিশ্বনাথ, ধেমাজি, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চল এতিয়াও বানত ডুব গৈ আছে ৷ এই পাঁচখন জিলাৰ মুঠ 13 টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 111 খন গাঁও বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ দুদিন ধৰি বৰষুণৰ বাবে ৰাজ্যৰ কেইবাটাও স্থানত এতিয়া বান পৰিস্থিতি অধিক অৱনতি ঘটিছে ৷
তথ্য অনুসৰি বিগত 24 ঘণ্টাত বিশ্বনাথ, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাত মুঠ 17 টা সাহায্য শিবিৰ বৰ্তমানেও সক্ৰিয় হৈ আছে ৷ আনহাতে বানৰ ফলত বিগত 24 ঘণ্টাত 18,268 টা বিভিন্ন পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ উল্লেখ্য যে বৰ্তমান দিচাং নদী আৰু ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ওপৰেৰে হৈ আছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ বাবে পুনৰ অচলাৱস্থা হৈ পৰিছে ৷