নিউজ ডেস্ক, 26 মে’ : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ (Flood in Assam 2022)৷ বান আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈ ৰাজ্যৰ 15 খন জিলাৰ প্ৰায় 5,75,470 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ শেহতীয়া তথ্যত প্ৰকাশ কৰা অনুসৰি, বুধবাৰৰ দিনটোত শিশুসহ এজন লোক মৃত্যু মুখত পৰে ৷
ইয়াৰ লগতে ৰাজ্যত বানৰ কবলত মৃত্যু হোৱা লোকৰ সংখ্যা 27 জনলৈ বৃদ্ধি হৈছে ৷ ইয়াৰোপৰি বানৰ কবলত পৰি ৰাজ্যৰ 310 খন ৰাজহ চক্ৰৰ 1,073 খন গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বানাক্ৰান্ত জিলাত প্ৰশাসনে স্থাপন কৰা 310 টা আশ্ৰয় শিৱিৰত প্ৰায় 72,698 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷
লগতে প্ৰশাসনৰ তৰফৰ পৰা 112 টা সাহাৰ্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে ।