অসম

assam

By

Published : Jun 26, 2020, 3:40 PM IST

ETV Bharat / state

বান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

যোৰহাটৰ নিমাতীঘাট, ধুবুৰী, তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰী বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী, বৰপেটাত বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

Assam Flood Overall
জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও

নিউজ ডেস্ক, 26 জুন : ৰাজ্যত ক্ৰমে ভয়াবহৰূপ ধাৰণ কৰিছে বছৰৰ বানে ৷ বানত জলমগ্ন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চল ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ বানত ৰাজ্যৰ প্ৰায় 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ বানৰ কৱলত পৰি ঘৰ দুৱাৰ হেৰুৱাই আশ্ৰয়হীন হৈছে 2,20,409 জন লোক ৷ বানত আশ্ৰয়হীন হোৱা লোকক সাহাৰ্য প্ৰদানৰ কাৰণে প্ৰশাসনে 53 স্থাপন কৰিছে আৰু শুকুৰবাৰে পুৱা পৰ্যন্ত প্ৰায় 12,199 জনে শিবিৰত আশ্ৰয় লৈছে ৷ বানত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে প্ৰায় 15 জন লোকে ৷ একেদৰে ৰাজ্যৰ প্ৰায় 46 টা ৰাজহ চক্ৰৰ 2,20,409 জন লোকৰ 18.090 হেক্টৰ কৃষিভূমি এইবছৰ বানৰ কৱলত পৰিছে ৷ প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকৰৰ্থে 162 সাহাৰ্য শিবিৰ স্থাপন কৰি প্ৰায় 40,373 জন লোকক সাহাৰ্য প্ৰদান কৰিছে ৷

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে লগতে প্ৰকাশ কৰা অনুসৰি যোৰহাটৰ নিমাতীঘাট, ধুবুৰী, তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, ডিব্ৰুগড়ৰ চেনীমাৰীত বুঢ়ীদিহিং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী, বৰপেটাত বেঁকী নৈ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷ জিলা প্ৰশাসনে অঞ্চলকেইটাত প্ৰতি মূহুতৰ্ত দৃষ্টি ৰাখিছে নদীকেইখনৰ জলস্তৰত ৷ বিশেষকৈ লখিমপুৰ জিলাৰ নাহৰণি, কলিয়ানী, ৰৌমাৰী আৰু বালিভেটাত ভয়াবহ ৰূপ ধাৰণ কৰিছে সোৱণশিৰি নৈৰ গৰাখহনীয়াই ৷ যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ প্ৰশাসনে সাজু কৰি ৰাখিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীক ৷ মুঠ আঠখন নাৱৰ লগতে 101 জন লোক প্ৰতি নিয়ত সাজু কৰি ৰাখিছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে ৷ আনহাতে চিৰাং জিলাৰ চম্পাৱতী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অব্যাহত আছে ভূমিস্খলন ৷

ডিব্ৰুগড় জিলাৰো 11 টা ৱাৰ্ড বৰ্তমান বানৰ কৱলত পৰিছে ৷ নলবাৰীত এটা মথাউৰি বানে ছিঙি নিয়াৰ লগতে তিনিচুকীয়াত এখন দলং, নলবাৰী, যোৰহাটত ক্ৰমে এটাকৈ, মাজুলিত দুটা আৰু বঙাইগাঁৱত তিনিটা ঘাইপথ বানে উটুৱাই নিয়ে ৷ আনহাতে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, নলবাৰী, বৰপেটা, গোৱালপাৰা, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়া, কাছাৰ জিলাৰ প্ৰায় শ শ বিঘা কৃষিভূমি বৰ্তমান বানৰ কৱলত পৰিছে ৷ মৰিগাঁও জিলাত সৰ্বাধিক 12 খন গাঁৱৰ লগতে 131 হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়ক: গুৱাহাটীত 14 দিনৰ বাবে লক ডাউন ঘোষণা

For All Latest Updates

ABOUT THE AUTHOR

...view details