অসম

assam

ETV Bharat / state

অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ - অসমত অব্যাহত আছে বানৰ সংহাৰ

চলিত বানত ৰাজ্যৰ মুঠ 28 খন জিলাৰ 94 টা ৰাজহ চক্ৰৰ 25,62,343 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানৰ কৱলত পৰিছে মুঠ 1,68,453.28 হেক্টৰ কৃষিভূমি ৷

ASSAM FLOOD OVERALL REPORT
অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

By

Published : Jul 6, 2020, 11:31 AM IST

গুৱাহাটী, 6 জুলাই : ৰাজ্যত এতিয়াও অব্যাহত আছে বানৰ তাণ্ডৱ । বানত জলমগ্ন হৈছে ইখনৰ পাছত আনখন জিলা । ঠায়ে ঠায়ে সংহাৰী ৰূপ লৈছে বানে ৷ সোমবাৰৰ পুৱালৈ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 37 জনলৈ ৷ দেওবাৰৰ দিনটোত ৰাজ্যত বানত মৃত্যু হোৱা নাই কোনো লোকৰ ৷ বৰ্তমানো জলমগ্ন হৈ আছে 17 খন জিলাৰ 36 টা ৰাজহ চক্ৰৰ 884 খন গাঁও আৰু 67,871.18 হেক্টৰ কৃষিভূমি ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷

অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ

অসমৰ ধেমাজি,বিশ্বনাথ,চিৰাং,দৰং,নলবাৰী,বৰপেটা,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও,গোলাঘাট, যোৰহাট,তিনিচুকীয়া জিলাত বৰ্তমানো অব্যাহত আছে বান পৰিস্থিতি ৷ বানত বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হৈছে 25,62,343 গৰাকী লোক ৷ বানাক্ৰান্ত লোকৰ সাহাৰ্যাৰ্থে 53 টা আশ্ৰয় শিবিৰ স্থাপিত কৰা হৈছে আৰু শিবিৰ বৰ্তমান 4,852 গৰাকী লোকে আশ্ৰয় লৈ আছে ৷ আনহাতে,যোৰহাটৰ নিমাতিঘাট, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰত জীয়া ভৰালী আৰু নগাঁও ধৰমতুলাত কপিলী নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ৷

চলিত বানত ৰাজ্যৰ মুঠ 28 খন জিলাৰ 94 টা ৰাজহ চক্ৰৰ 25,62,343 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানৰ কৱলত পৰিছে মুঠ 1,68,453.28 হেক্টৰ কৃষিভূমি ৷ বানে 23 খন জিলাৰ 138 টা মথাউৰি ছিঙাৰ লগতে 20 খন জিলাৰ 77 খন দলং উটুৱাই নিছে ৷ আনহাতে বানত জলমগ্ন হৈছে 25 খন জিলাৰ প্ৰায় 982 টা ঘাইপথ ৷

লগতে পঢ়ক : গুৱাহাটী আৰু শোণিতপুৰৰ মাজত অহা যোৱাত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details