গুৱাহাটী, 8 আগষ্টঃদুমাহতকৈও অধিক সময় ৰাজ্যৰ ২৭ খনকৈ জিলাত বানপানীৰ তাণ্ডৱ চলাৰ পিছত বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি বহু উন্নত হৈছে । বৰ্তমান ৰাজ্যৰ ৬ খনকৈ জিলাৰ কিছু অঞ্চল বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে । ৰাজ্যৰ শেহতীয়া বান প্ৰভাৱিত জিলা সমূহ হৈছে ধেমাজি,বাক্সা,চিৰাং, কোকৰাঝাৰ,কামৰূপ (মহানগৰ)আৰু মৰিগাঁও জিলা। বান প্ৰভাৱিত ৬ খন জিলাৰ ৬ টাকৈ ৰাজহ চক্ৰৰ ১১২ খন গাঁৱৰ কিছু অঞ্চল বৰ্তমানেও বাঢ়নী পানীত ডুব গৈ আছে। বানৰ ফলত প্ৰভাৱিত হৈ আছে ১০ হাজাৰতকৈও অধিক লোক। বৰ্তমান ৰাজ্যৰ নৈ-উপনৈ সমূহ শান্ত হৈছে আৰু নদীৰ জলস্তৰ হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাটিঘাটত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।
ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত - MORIGAON FLOOD SITUATION
ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ধেমাজি,বাক্সা,চিৰাং,কোকৰাঝাৰ,কামৰূপ (মহানগৰ) আৰু মৰিগাঁৱৰ বহু অঞ্চল এতিয়া আছে বাঢ়নী পানীৰ তলত। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বিভিন্ন নৈপৰীয়া অঞ্চলত তাণ্ডৱ অব্যাহত আছে গৰাখহনীয়াৰ ৷
![ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8340721-thumbnail-3x2-flood.jpg)
ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত
ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত