অসম

assam

By

Published : Jun 8, 2021, 10:36 PM IST

ETV Bharat / state

বছৰটোৰ প্ৰথম বানত প্ৰভাৱিত ৰাজ্যৰ দুখন জিলাৰ 36খন গাঁও

ৰাজ্যত কৰ‘ণা (Corona)ৰ সমান্তৰলভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ৷ ৰাজ্যত বছৰৰ প্ৰথমটো বানত প্ৰভাৱিত হৈছে ৰাজ্যৰ দুখনকৈ জিলাৰ 36 খন গাঁও ৷ বানত প্ৰভাৱিত হৈছে দুয়োখন জিলাৰ 30,153 গৰাকী লোক ৷

ASSAM FLOOD LETEST UPDATE
বছৰটোৰ প্ৰথম বানত প্ৰভাৱিত ৰাজ্যৰ দুখন জিলাৰ 36খন গাঁও

নিউজ ডেস্ক, 8 জুন : ৰাজ্যত বছৰৰ প্ৰথমটো বানত দুখনকৈ জিলা ক্ৰমে- ধেমাজি আৰু লখিমপুৰৰ তিনিটা ৰাজহ চক্ৰৰ অন্তৰ্গত 36 খন গাঁও জলমগ্ন হৈ পৰিছে ৷

অসমৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মতে, এই বানত দুয়োখন জিলাৰ 30,153 গৰাকী লোক প্ৰভাৱিত হৈছে ৷ তদুপৰি বাঢ়নি পানীত প্লাৱিত হৈছে 282.5 হেক্টৰ কৃষিভূমি ৷

বছৰটোৰ প্ৰথম বানত প্ৰভাৱিত ৰাজ্যৰ দুখন জিলাৰ 36খন গাঁও

এতিয়ালৈকে বানপীড়িত লোকৰ বাবে দুটা আশ্ৰয় শিবিৰ বিহপুৰীয়াত স্থাপন কৰি তাত বানত প্ৰভাৱিত লোকসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাজ্যৰ প্ৰথমটো বানৰ কৱলত পৰি এই পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই যদিও কৰ’ণা (Corona) মহামাৰীৰ এই সংকটৰ সময়ছোৱাত বানত প্ৰভাৱিত অঞ্চলৰ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

বছৰটোৰ প্ৰথম বানত প্ৰভাৱিত ৰাজ্যৰ দুখন জিলাৰ 36খন গাঁও

ৰাজ্যৰ প্ৰথমটো বানত বিভিন্ন ঠাইত কিছু মথাউৰিও ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷ তদুপৰি ডিমা হাচাও জিলাত বিগত 24 ঘণ্টাত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে বুলি জানিবলৈ দিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে (Disaster Management Department) ৷

লগতে পঢ়ক: চপৰা চপৰে খহিছে দিহিঙৰ মথাউৰি

ABOUT THE AUTHOR

...view details