অসম

assam

ETV Bharat / state

Assam flood latest news:ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ - বাঢ়নী পানী

ৰাজ্যৰ ১৬ খন জিলাৰ ৩০ টা ৰাজহ চক্ৰৰ ৩৯২ খন গাঁও সম্প্ৰতি বানৰ কৱলত ৷

assam flood latest news
বলিয়া বান

By

Published : Jul 18, 2023, 9:34 PM IST

গুৱাহাটী, ১৮ জুলাই :ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ । পানীৰ মাজতে দিন কটাবলগীয়া হৈছে ৰাইজে ৷ শোৱা-খোৱাকে ধৰি খোৱাপানীৰ সমস্যাৰ সন্মুখীন হৈছে বন্যাক্ৰান্ত ৰাইজ । বন্যাৰ্তৰ সমান্তৰালকৈ বাসস্থান আৰু খাদ্য সংকটত ভুগিছে পশুধনসমূহে । একাংশ বন্যাক্ৰান্তই শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে বহু বন্যাক্ৰান্ত লোকে পৰিয়ালসহিতে পশুধনক লগত লৈ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

বাঢ়নী পানীয়ে বাট-পথসমূহ বুৰাই পেলোৱাত যাতায়াতৰ ক্ষেত্ৰতো ৰাইজে যমৰ যাতনা ভুগিব লগীয়া হৈছে । ভূটানৰ কুৰিশ্ব’ নদীবান্ধৰ এৰি দিয়া অতিৰিক্ত পানীয়ে নামনি অসমত তাণ্ডৱ চলাব পাৰে বুলি শংকা কৰা হৈছিল যদিও নামনিত থকা নৈ কেইখনৰ পানী সম্প্ৰতি বিপদসীমাৰ তলেৰে বৈ আছে । অৱশ্যে ধুবুৰী, তেজপুৰ, নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদী আৰু দিচাং নৈ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে । বান বিভীষিকাৰ মাজত বিভিন্ন স্থানত নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে ৰাজ্যৰ ১৬ খন জিলাৰ ৩০ টা ৰাজহ চক্ৰৰ ৩৯২ খন গাঁও বর্তমানে বানৰ কৱলত আছ । বৰপেটা ৫, বিশ্বনাথ ১১, চৰাইদেউ ৩ , চিৰাং ৮ , দৰং ৬, ধেমাজি৭৪ , ডিব্ৰুগড় ১৭, গোলাঘাট ৩৪, কামৰূপ ২৮, কামৰূপ মেট্ৰ ৬‍, লখিমপুৰ ২৭ , মাজুলী ৫৫ ‍, মৰিগাও‌ ৫৮, নগাঁও ৫ , শিৱসাগৰ ৫৪ , নলবাৰীৰ ১ খন গাঁও বানত প্ৰভাৱিত হৈছে ।

আনহাতে ৰাজ্যত বানৰ ফলত প্ৰভাৱিত হৈছে ৮৮,৯১১ জন লোক । বৰপেটাত (১৮১৭), চিৰাং (১৫২১), দৰং (২৩৯২), ধেমাজি (২৩৭৯৮), ডিব্ৰুগড় (২৭১৮), গোলাঘাট (৩২৮১৫) কামৰূপ মেট্ৰত ( ১৪৫৯), লখিমপুৰ (২৪২১ ), মৰিগাঁও (১৭১৭), নলবাৰী(৫২০ ), শিৱসাগৰ (১৭৭৩৩) ত অধিক জনসংখ্যা প্ৰভাৱিত হৈছে । তদুপৰি ১২৪৫৫৭ পশুধন প্ৰভাৱিত হৈছে ।

সম্প্ৰতি ৰাজ্যৰ ৯ খন জিলাত স্থাপন কৰা ২২ টা আশ্ৰয় শিবিৰত ২৩৩৩ জন বন্যার্তই আশ্ৰয় লৈ আছে । সোমবাৰৰ দিনটোলৈকে বছৰৰ দ্বিতীয়টো বানত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে আৰু এক লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈ আছে ৷

লগতে পঢ়ক :Flood in Barpeta: চেঙা সমষ্টিত কুৰিৰো অধিক গাঁও বানৰ কবলত

ABOUT THE AUTHOR

...view details