অসম

assam

ETV Bharat / state

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিঃ নিহত ৪ - erosion

২১ খন জিলাৰ মুঠ ৮,৬৯০২৫ লোক বৰ্তমানলৈকে বানপানী কৱলত বুলি জানিব পৰা গৈছে ।

নিহত সংখ্যা ৪

By

Published : Jul 12, 2019, 9:35 PM IST

Updated : Jul 12, 2019, 11:28 PM IST

গুৱাহাটী,12 জুলাইঃ ওফন্দি উঠা নদী সমূহৰ বাঢ়নী পানীয়ে প্ৰতি মুহূৰ্ততে প্লাৱিত কৰিছে ন ন অঞ্চল। বৰ্তমানলৈ বানপানীৰ ফলত নিহত হৈছে ৪ গৰাকী ব্যক্তি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়ৰ, হোজাই, গোৱালপাৰা, তিনিচুকীয়া আৰু কামৰূপ জিলাকে ধৰি ৰাজ্যৰ ২১খনকৈ জিলা বৰ্তমান মুঠ ৮,৬৯০২৫ লোক বানৰ কবলত। উল্লেখ্য যে যোৰহাট,শোণিতপুৰ,কামৰূপ,গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈ গৈছে বাঢ়নি পানী।

নিহত সংখ্যা ৪
Last Updated : Jul 12, 2019, 11:28 PM IST

ABOUT THE AUTHOR

...view details