অসম

assam

ETV Bharat / state

Assam Flood 2023: ৰাজ্যৰ 21 খন জিলা ভদীয়া বানৰ কৱলত; মৃতকৰ সংখ্যা 15 জনলৈ বৃদ্ধি - Assam Flood update

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্য ৷ বানত ক্ষতিগ্ৰস্ত হৈছে 21 হাজাৰৰো অধিক হেক্টৰ কৃষি ভূমি ৷ লগতে প্ৰভাৱিক হৈছে বহু পশুধন ৷ ৰাজ্যৰ কেইবাখনো নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

Assam Flood
Assam Flood

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:24 PM IST

গুৱাহাটী, 29 আগষ্ট:ভদীয়া বানে ৰাজ্যজুৰি ক্ৰমাৎ প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে ৷ বিগত কেইটামান দিন অসম আৰু চুবুৰীয়া ৰাজ্যবোৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সৰু-বৰ প্ৰায় সকলো উপ-নৈৰ পানী বাঢ়িবলৈ ধৰাত ৰাজ্যৰ বান পৰিস্থিতিয়ে জটিলতাৰ ফালে গতি কৰিছে ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে ৰাজ্যৰ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, বিশ্বনাথ, চিৰাং, গোলাঘাট, দৰং, ধুবুৰী, যোৰহাট, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ তামুলপুৰ, ওদালগুৰি, কামৰূপ মহানগৰ, কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ আদি মুঠ 21 খন জিলা বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰিছে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তথ্য অনুসৰি মঙলবাৰৰ দিনটোলৈ প্ৰায় তিনি লাখ 7 হাজাৰ 489 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে । যোৱা সোমবাৰে বানত শিৱসাগৰ জিলাৰ ডিমৌত এজন লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে চলিত বছৰৰ বানত ৰাজ্যত 15 জন লোকে মৃত্যুক সাৱটি লৈছে । ধেমাজিৰ সৰ্বাধিক 40 হেজাৰৰ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ।

ডিব্ৰুগড়, নিমাতীঘাত, তেজপুৰ, গুৱাহাটী, ধুবুৰী আদিত আজি ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । একেদৰে বেকী, জীয়া ভৰলী, দিচাং, দিখৌ, সোৱণশিৰি আদি ঘাই ঘাই নৈবোৰো বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে বানত ৰাজ্যৰ 49 খন ৰাজহ চক্ৰৰ 756 খন গাওঁ বানৰ কৱলত পৰিছে ।

বানত আজিৰ তাৰিখলৈকে ৰাজ্যত 21 হাজাৰো অধিক হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । আকৌ 2 লাখ 69 হাজাৰ 633 টা পশুধন বান‌ ক্ষতিগ্ৰস্ত হৈছে । ইফালে, বিভিন্ন নৈৰ বাঢ়নী পানীয়ে চিৰাং, ওদালগুৰি, শোণিতপুৰ, নলবাৰী, তামুলপুৰ, বিশ্বনাথ আদি জিলাত বাট-পথ-দলং, মথাউৰি আদিৰ ক্ষতিসাধন কৰিছে ।

আনহাতে, ভূটানৰ পৰা নামি অহা পানীয়ে ওদালগুৰি, কলাইগাঁও, কুমাৰীকাটা আদিত দলং-মথাউৰি আদি উটুৱাই নিছে ৷ আনহাতে, অহা তিনিচাৰি দিন অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত মজলীয়াৰপৰা প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰিছে ৷

লগতে পঢ়ক:Dengue JE infections in Assam: ৰাজ্যত জটিল হৈ পৰিছে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে

ABOUT THE AUTHOR

...view details