নিউজ ডেস্ক, 13 অক্টোবৰ:দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাবে ২১ জুলাই ২০২২ত দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হ’ল ৷ স্বাধীন ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি(15th president of India) হিচাবে এগৰাকী দলিত সম্প্ৰদায়ৰ তথা আদিবাসী মহিলা নিৰ্বাচিত হোৱাৰ পাছতে আশাৰ ৰেঙনি দেখা পাইছিল কিছু কিছু ক্ষেত্ৰত পিছপৰা জনজাতীয় সম্প্ৰদায়ে ৷ আশা কৰা হৈছিল যে, মুৰ্মু দেশৰ প্ৰথমগৰাকী নাগৰিক হোৱাৰ পাছত পিছপৰা লোকসকলৰ আৰ্থ সামাজিক ক্ষেত্ৰৰ কিছু উন্নতি হ’ব, অন্য জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সমান্তৰালকৈ আগবাঢ়ি যাব অৱহেলিতসকল ৷
বিজেপি প্ৰক্ষেপিত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিল বৃহস্পতিবাৰে (President Droupadi Murmu in Assam)৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ল প্ৰথমগৰাকী নাগৰিক (Droupadi Murmu Assam visit)৷ ইয়াকে লৈ স্বাভাৱিকতেই ব্যস্ত হৈ পৰা দেখা গৈছে আৰক্ষী-প্ৰশাসনৰ লগতে শাসকীয় দল ৷ সাধাৰণ ৰাইজৰ চলা-ফুৰাৰ ক্ষেত্ৰতো বিভিন্ন বাধা আৰোপ কৰিছে প্ৰশাসনে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণৰ দিনটোতেই অসমৰে এগৰাকী দৰিদ্ৰ কৃষকে কেতবোৰ ক্ষোভ উজাৰি ৰাষ্ট্ৰপতিগৰাকীলৈ লিখিলে এখন পত্ৰ ৷
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ৰে কৃষক সীতাৰাম মুৰ্মুৱে বহু আশাৰে ৰাষ্ট্ৰপতিগৰাকীলৈ বুলি লিখা পত্ৰখন ইতিমধ্যে চৰ্চিত হৈ পৰিছে(Letter to Droupadi Murmu) ৷ নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ দৰিদ্ৰ কৃষকসকল সন্মুখীন হৈ অহা এক গুৰুত্বপূৰ্ণ সমস্যাৰ বৰ্ণনাৰে ৰাষ্ট্ৰপতিলৈ অসমীয়া ভাষাতে পত্ৰখন লিখিছে কৃষক সীতাৰাম মুৰ্মুৱে (Assam farmer wrote letter to Droupadi Murmu) ৷ সীতাৰাম মুৰ্মুৱে পত্ৰখনত উল্লেখ কৰা অনুসৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতিগৰাকী অসম ভ্ৰমলৈ অহাৰ বাবে সুখী অনুভৱ কৰাৰ লগতে আদৰণি জনায় কৃষকগৰাকীয়ে ।
লগতে তেওঁ পাছতে তেওঁ লিখিছে, ‘‘মই নগাঁও জিলাৰ চলচলি মৌজাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰাণ্টৰ এজন সাধাৰণ আদিবাসী কৃষক । প্ৰায় দুশ বছৰ আগতে আমাৰ উপৰিপুৰুষসকলে ঘন জংঘলৰে পৰিপূৰ্ণ গাঁৱৰে এটি অঞ্চল কষ্ট কৰি কৃষিৰ বাবে উপযোগী কৰি তুলিছিল আৰু তাতে কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী কৃষকসকলে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছিল ।