গুৱাহাটী, 21 মে’:দিহিং পাটকাই বৰ্ষাৰণ্যৰ সমগ্ৰ ঘটনাৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশক ভেকোঁভাওনা আখ্যা দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
দিহিং পাটকাই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিক সোণোৱালেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্তক ভেকোঁভাওনা আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালক নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য
কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদৰাজিক ধ্বংস কৰিব বিচাৰিছে যদিও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কোনো বিশেষ পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: 15 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল !