গুৱাহাটী, ৩১ মাৰ্চ:নিয়ামক আয়োগে বিদ্যুৎ মাচুল বৃদ্ধিৰ শক্তি বিভাগৰ প্ৰস্তাৱক নস্যাৎ কৰিলেও বিদ্যুৎ গ্ৰাহকৰ ফিক্সড চার্জ প্ৰতি মাহে প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে । অর্থাৎ সাধাৰণ বিদ্যুৎ গ্ৰাহকে পূৰ্বতে ফিক্সড চাৰ্জৰ বাবদ অতি কমেও ১২০ টকা পৰিশোধ কৰি আহিছিল যদিও এতিয়াৰে পৰা প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ প্ৰায় ৪০ টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব । অৱশ্যে আয়োগে আন এটা দিশত গ্ৰাহকক কিছু সকাহ প্ৰদান কৰিছে ।
বিদ্যুৎ নিয়ামক আয়োগে ২০২৩-২৪ বৰ্ষৰ বাবে সকলো ধৰণৰ এনাৰ্জী চার্জ প্ৰতি ইউনিটত ১০ পইচাৰ পৰা ২০ পইচা পর্যন্ত হ্ৰাস কৰিছে (Assam Electricity Regulatory Commission revised the Electricity tariff) । অসম বিদ্যুৎ নিয়ামক আয়োগে জাৰি কৰা জাননীৰ জৰিয়তে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ বিদ্যুৎ নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছে । আয়োগে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ ২০২২-২০২৩ বৰ্ষৰ বাৰ্ষিক কর্মক্ষমতা পর্যালোচনাৰ ভিত্তিত বিদ্যুতৰ নিৰিখ নতুনকৈ নিৰ্ধাৰণ কৰি কিছু সংশোধন আনিছে ।
এ পি ডি চি এলে ফিক্সড চার্জ প্ৰতিমাহে প্ৰতি কে ডব্লিউ/কে ভিত ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বর্তমান প্ৰযোজ্য হৈ থকা এফ পি পি পি এ চার্জকে ধৰি এনাৰ্জী চার্জ প্ৰতি ইউনিটত ১ টকাৰ পৰা ৩ টকা পর্যন্ত বঢ়োৱাৰো প্ৰস্তাৱ দিছিল । আবেদনকাৰী সংস্থাকেইটাৰ প্ৰস্তাৱসমূহ অংশীদাৰ তথা সহাঁৰি দিওঁতাসকলৰ ওজৰ-আপত্তি, পৰামৰ্শসমূহ আৰু অন্যান্য সংলিষ্ট দিশৰ পর্যালোচনাৰ ভিত্তিত নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি তাৰ পৰিৱৰ্তে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষৰ বাবে নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাতহে অনুমোদন জনায় ।