গুৱাহাটী,১০ মাৰ্চ: পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে সৰ্বশক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বিজেপি । আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । লক্ষ্য ১০০+ আসন দখল । ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে ২০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ।
সেই অনুসৰি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষি মন্ত্রী নৰেন্দ্ৰ সিং তোমৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণী, অৰ্জুন মুণ্ডা, ড'নাৰ মন্ত্রী জিতেন্দ্ৰ সিং, দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, কেন্দ্ৰীয় মন্ত্রী অনুৰাগ সিং ঠাকুৰ, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, দলৰ জ্যেষ্ঠ নেতা মুখতাৰ আব্বাছ নাকভি, বিহাৰৰ কেবিনেট মন্ত্রী শ্বাহনৱাজ হুছেইন, বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি পুনম মহাজন, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদ মনোজ তিৱাৰী, ৰবি কিষাণ আৰু সাংসদ লকেট চেটাৰ্জী ।