গুৱাহাটী, ১৬ জুন:অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰমাধ্যম বিতৰ্কক লৈ আছুকে ধৰি বিভিন্ন জাতীয় সংগঠনে অব্যাহত ৰখা আন্দোলনৰ সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, আছুৱে মাতৃভাষা মাধ্যমৰ বিপক্ষে গৈ ব্যক্তিগত কোচিং চেণ্টাৰ স্থাপনৰ পোষকতা কৰি আন্দোলন কৰিছে । চৰকাৰী শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধাচাৰণ কৰি আছুৰ দৰে সংগঠনসমূহে ব্যক্তিগত কোচিং চেন্টাৰৰ সপক্ষে ঠিয় দিয়া বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
তেওঁ আৰু লগতে কয়, যিসকলে আন্দোলন কৰি আছে তেওঁলোক কোচিং চেণ্টাৰ বিলাকৰ উচটনিত কাম কৰি আছে ৷ কোচিং চেণ্টাৰৰ স্বাৰ্থত কাম কৰি আছে । চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে কাম কৰি আছে । কোচিং চেণ্টাৰৰ সপক্ষে তেওঁলোকে এটা প্ৰপাগাণ্ডাত নামিছে, যিটো প্ৰপাগাণ্ডা খুব ভাল নহয় ।
মাধ্যম বিতৰ্কক লৈ সদৌ অসম ছাত্ৰ সন্থাই কৰি থকা আন্দোলনৰ কোনো ন্যায্যতা নাই বুলি উল্লেখ কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷ আছুক ৰাজ্যৰ বিদ্যালয় তথা মহাবিদ্যালয় সমূহত ছাত্র-ছাত্ৰীয়ে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ ছাত্র-ছাত্ৰীক উদগনি দিয়াৰ বাবে চৰকাৰৰ সহযোগ কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।