গুৱাহাটী, ৯ জুলাই :ৰাজ্যৰ মুঠ ৪৫,৯৮৩ খন চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ ভিতৰত ৪০,৯৭০খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে মোকলাই দিয়া হৈছে বিদ্যালয়ৰ বাৰ্ষিক অনুদান । ২০২৩-২৪ বৰ্ষৰ বাবে বিদ্যালয় অনুদান শিতানত ৭৯.৮ কোটি টকা আৰু ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ শিতানত ১৬.৩৯৫ কোটি টকা মোকলাই দিয়া হৈছে । এই কথা সদৰী কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । দেওবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি বিদ্যালয়সমূহলৈ এই অনুদান আগবঢ়োৱা হৈছে ।
গাইডলাইন অনুসৰি বিদ্যালয়সমূহে এই ধন ব্যয় কৰিব । বিদ্যালয়সমূহলৈ অনুদান আগবঢ়োৱাৰ ক্ষেত্রত এটা 'কিন্তু' আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষা সেতু পৰ্টেলত কোনো তথ্য আপলোড নকৰা বিদ্যালয়ৰ ক্ষেত্রত এই অনুদান স্থগিত ৰখাৰ ব্যৱস্থা কৰা হৈছে । অৰ্থাৎ সম্পূৰ্ণ তথ্য আপলোড নকৰা বিদ্যালয়ে এই অনুদান লাভ নকৰিব । তথ্য আপলোড কৰাৰ লগে লগে লাভ কৰিব অনুদান । তেওঁ কয় যে প্ৰাথমিক খণ্ডত থকা মুঠ ২,৪২,১১৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভিতৰত ২,০৮,৫৩১ গৰাকীয়ে শিক্ষা সেতুত নিজৰ প্ৰ'ফাইল আপলোড কৰিছে । কিন্তু ৩৩,৫৮৩ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে নিজৰ প্ৰফাইল শিক্ষা সেতুত আপলোড কৰা নাই ।
এই হিচাপত পৰ্যালোচনা কৰি দেখা গৈছে যে মুঠ ১১,৪৮০ খন বিদ্যালয়ৰ পৰা ৩৩,৫৮৩ গৰাকী শিক্ষক-কৰ্মচাৰীয়ে প্ৰফাইল আপলোড কৰা নাই । প্ৰ'ফাইল আপলোড নকৰিলে চৰকাৰৰ বাবে বিদ্যালয়ৰ প্ৰশাসন চলোৱাটো অসুবিধা বুলি সদৰী কৰি তেওঁ কয় যে কোনে ক'ত কেনেদৰে নিয়োজিত হৈ আছে সেই কথা নজনাকৈ ধন মুকলি কৰি দিব নোৱাৰি । যিকেইখন বিদ্যালয়ৰ পৰা এশ শতাংশ প্ৰ'ফাইল আপলোড নহ'ব, সেইসমূহ বিদ্যালয়লৈ অনুদান মুকলাই দিয়া নহ'ব বুলিও তেওঁ স্পষ্টভাৱে জনায় ।