অসম

assam

By

Published : Jun 27, 2023, 1:24 PM IST

ETV Bharat / state

Assam Govt School: শোচনীয় প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫ শতাংশতকৈ কম হোৱা ৰাজ্যৰ ১৩৯খন ডিগ্ৰী কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি শিক্ষা বিভাগৰ । ৩০ জুনৰ ভিতৰত জাননীৰ উত্তৰ দাখিল কৰিব ল‍াগিব । উত্তৰত সন্তুষ্ট নহ'লে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে ।

Show cause notices to 139 colleges for poor performance
বিপদত ৰাজ্যৰ ১৩৯ খন মহাবিদ্যালয়

গুৱাহাটী, ২৭ জুন : বিপদত ৰাজ্যৰ ১৩৯ খন মহাবিদ্যালয় । উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শেহতীয়া পৰীক্ষাৰ ফলাফলত শোচনীয় প্ৰদৰ্শন কৰা ৰাজ্যৰ ১৩৯ খন মহাবিদ্যালয়লৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকলায়ে জাৰি কৰা জাননীত কিয় ফলাফল বেয়া হ'ল সেই সন্দৰ্ভত ৩০ জুনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ সংশ্লিষ্ট মহাবিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, উত্তীৰ্ণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱা অৰ্থাৎ ফলাফল নিম্নগামী শিক্ষানুষ্ঠানৰ শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে একপ্ৰকাৰ সাজু হৈছে শিক্ষা বিভাগ । চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫ শতাংশতকৈ কম হোৱা ৰাজ্যৰ ১৩৯ খন ডিগ্ৰী কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ।

বিপদত ৰাজ্যৰ ১৩৯ খন মহাবিদ্যালয়

লক্ষণীয়ভাৱে এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ডিগ্ৰী মহাবিদ্যালয়সমূহতকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ফলাফল বহুত উন্নত আছিল । ডিগ্ৰী মহাবিদ্যালয়ৰ শিক্ষকে ইউ জি চি (UGC) নিৰিখত দৰমহা তথা অন্যান্য সা-সুবিধা লাভ কৰাৰ পাচতো ছাত্ৰ-ছাত্ৰীক পাঠদানত পিঠি দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ যাৰ পৰিণতিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১৩৯ খন কলেজত ৭৫ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰীহে উত্তীর্ণ হ’বলৈ সক্ষম হয় ।

অতি উদ্বেগজনকভাৱে এইসমূহ মহাবিদ্যালয়ৰ ৯ খনৰে উত্তীৰ্ণৰ হাৰ ৩০ শতাংশতকৈ কম । ওদালগুৰিৰ টংলা কলেজৰ উত্তীৰ্ণৰ হাৰ সবাতকৈ কম । মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ মাত্ৰ ১৯.৪ শতাংশ আৰু ওদালগুৰি কলেজৰ উত্তীৰ্ণৰ হাৰ ২০.৩৮ শতাংশ ।

তদুপৰি ধুবুৰীৰ চিলাৰায় কলেজৰ উত্তীর্ণৰ হাৰ ২১.৬১ শতাংশ, গোৱালপাৰাৰ লক্ষীপুৰ কলেজৰ ২১.৮৭ শতাংশ, বৰপেটাৰ মন্দিয়া আঞ্চলিক কলেজৰ ২৩.৯১ শতাংশ, শোণিতপুৰৰ এল জি বি গাৰ্লছ কলেজৰ ২৪.৮১ শতাংশ, ধুবুৰীৰ সাপটগ্ৰাম কলেজৰ ২৭.৮ শতাংশ, কোকৰাঝাৰৰ গোসাঁইগাঁও কলেজৰ ২৮.২৭ শতাংশ আৰু নগাঁৱৰ ৰূপহী কলেজৰ উত্তীর্ণ হাৰ ২৯.৩১ শতাংশ ।

ফলাফল নিম্নগামী শিক্ষানুষ্ঠানৰ শিক্ষকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

একেদৰে ২২ খন মহাবিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৩০-৪০ শতাংশৰ ভিতৰত । ইয়াৰ ভিতৰত অন্যতম তেজপুৰ কলেজৰ উত্তীৰ্ণৰ হাৰ ৩৯.৮১ শতাংশ, লামডিং কলেজৰ ৩৯.৬৭ শতাংশ, বাপুজি কলেজৰ ৩৫.৮৯ শতাংশ । আনহাতে, উচ্চ শিক্ষা সঞ্চালকৰ পৰা শ্ব’কজ লাভ কৰা আন মহাবিদ্যালয়সমূহৰ অন্যতম হৈছে ছিপাঝাৰ কলেজ ৪২.১৫ শতাংশ, টিংখাং কলেজ ৪২.০৭ শতাংশ, সোণাৰী কলেজ ৪১.৫৪ শতাংশ, ডিব্ৰুগড় কলেজ ৪২.৯৪ শতাংশ ৷

আনহাতে, মৰিয়নী কলেজ ৪৯.৩৮ শতাংশ, সৰুপথাৰ কলেজ ৫০.১৮ শতাংশ, ৰহা কলেজ ৪৯.৮৮ শতাংশ, নর্থ গুৱাহাটী কলেজ ৫২.৩১ শতাংশ, এছ বি দেওৰা কলেজ ৫০.৮৯ শতাংশ, মঙলদৈ কলেজ ৫০.৬৮ শতাংশ, বজালী কলেজ ৫৮.৩৩ শতাংশ, বৰপেটাৰ এম চি কলেজ ৬৫.৯৯ শতাংশ, শিৱসাগৰ কমাৰ্চ কলেজ ৭২.৯৭ শতাংশ, পাণ্ডু কলেজ ৭১.১২ শতাংশ আৰু প্ৰাগজ্যোতিষ কলেজ ৭৪.২১ শতাংশ ।

উল্লেখ্য যে, শোচনীয় ফলাফল প্ৰদর্শন কৰা এই ১৩৯ খন কলেজক ২০২১ আৰু ২০২২ বৰ্ষৰ ফলাফলৰ তথ্যও দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সমান্তৰালভাৱে চলিত ২০২৩ বৰ্ষৰ পৰীক্ষাত কিয় ফলাফল বেয়া হ'ল তাৰ ব্যাখ্যাও কলেজসমূহৰ পৰা বিচাৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে । কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত মহাবিদ্যালয় কর্তৃপক্ষই দিয়া উত্তৰত সন্তুষ্ট নহ’লে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষা বিভাগে সদৰী কৰিছে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰলৈ শান্তি ঘূৰাই অনাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে মহিলাই; ভাৰতীয় সেনা

ABOUT THE AUTHOR

...view details