অসম

assam

ETV Bharat / state

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক - Teacher Victor Das arrested

শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰিলে ভিক্টৰ দাসক (Victor Das suspended)৷ চৰকাৰী শিক্ষক হৈ থকাৰ পাছতো ব্যক্তিগতভাৱে কোচিং কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল ভিক্টৰ দাসৰ বিৰুদ্ধে ৷

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক
চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক

By

Published : Sep 20, 2022, 3:14 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: অৱশেষত ভিক্টৰ দাসক নিলম্বন কৰিলে শিক্ষা সঞ্চালকালয়ে (Victor Das suspended)৷ চৰকাৰী শিক্ষক হৈ কোচিং কৰাৰ অভিযোগত নিলম্বন কৰে শিক্ষা সঞ্চালকালয়ে । পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল ভিক্টৰ দাস ।

তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাসে । তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পাছতে সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে চৰকাৰী শিক্ষক হৈ কোচিং চেন্টাৰ চলোৱাৰ বাবে ভিক্টৰ দাসৰ নিলম্বন কৰিব লাগে বুলি মন্তব্য কৰিছিল (Allegation against Victor Das)।

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক

উল্লেখ্য যে অসম চৰকাৰৰ প্ৰতিটো পদৰ নিযুক্তিৰ বাবদ ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলাৰ লগতে চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰিছিল । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি টুইট কৰিছিল ভিক্টৰ দাসে । এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ হৈছিল । ইয়াৰ পাছতে পাণবজাৰ আৰক্ষীয়ে মাৰাথান জেৰা চলাই ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক(Teacher Victor Das arrested) ।

১৬ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়লয়ে জামিন মঞ্জুৰ কৰিছিল ভিক্টৰ দাসৰ । ২৯ ছেপ্টেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়লয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছতে শনিবাৰে মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস (Victor Das got bail)।

লগতে পঢ়ক:বিজেপি চৰকাৰে কৰ বৃদ্ধিৰে অসমৰ ৰাইজৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে : লুৰীণজ্যোতি

ABOUT THE AUTHOR

...view details