নিউজ ডেস্ক, 3 জুন: প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া 9 বজাৰ পৰা আৰম্ভ কৰাৰ পৰিৱৰ্তে পুৱা 7.30 বজাৰ বজাৰ আৰম্ভ কৰাৰ আহ্বান ৷ এক টুইটযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu on heatwave) ৷
শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা ৷ অৱশ্যে জিলাসমূহৰ গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তসকলক সিদ্ধান্ত গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে (Education department notice for heatwave) ৷
উল্লেখ্য যে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত গৰমৰ বাবে শিক্ষাৰ্থী মূৰ্ছা যোৱাৰো ঘটনা পোহৰলৈ আহিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলকে ধৰি সকলোৱে বিদ্যালয়সমূহৰ পাঠদানৰ সূচী সলনি কৰাৰ বাবে অনুৰোধ জনাইছিল শিক্ষা বিভাগক ৷ শেহতীয়াকৈ প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰা ৰাজ্যত সৰ্বাধিক 38 ডিগ্ৰী চেলছিয়ালৈকে উঠিছে পাৰাস্তম্ভ (Heatwave in Assam)৷