গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক লৈ অসমৰ শিক্ষা বিভাগে বিভিন্ন সময়ত ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াকলৈ শিক্ষা বিভাগে বিভিন্ন প্ৰাথমিক শিক্ষক সংগঠনসমূহৰ মুখ বন্ধ কৰিছে ।
ইতিমধ্যে শিক্ষা বিভাগে বিভিন্ন চক্ৰান্ত কৰি শিক্ষা সেতু কামৰ বিৰোধিতা কৰা সকলো প্ৰাথমিক শিক্ষকক চৰকাৰক উভতাই দিয়া টেবলেট ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা দেখা যায় । শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক অনুদান বন্ধ কৰি শিক্ষা সেতু কামত শিক্ষকসকলক জড়িত হোৱাৰ বাধ্য কৰে ৷
উল্লেখ্য যে শিক্ষা বিভাগে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মৌখিক ঘোষণা কৰিছে । কিন্তু এই ক্ষেত্ৰত কোনো জাননী জাৰি কৰা নাই । যিসমূহ প্ৰাথমিক বিদ্যালয়ত ১৫০ জন বা তাতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে সেইসমূহ বিদালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব ।
আনহাতে যিসমূহ প্ৰাথমিক বিদ্যালয়ত ১৫০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী আছে সেইসমূহ বিদ্যালয় একত্ৰিকৰণ কৰি এজনকৈ প্ৰধান শিক্ষক নিযুক্তি দিব । ইফালে, প্ৰধান শিক্ষকৰ দৰমহা ৭৬০০ টকা Basic Grade Pay হ’ব ।
মনৰিবলগীয়া যে বিভিন প্ৰাথমিক শিক্ষক সংগঠনৰ ভিতৰচ’ৰাত একাংশ শিক্ষকৰ মাজত মতভেদ সৃষ্টি হৈছে । কিন্তু এই ক্ষেত্ৰত শিক্ষক সংগঠনসমূহ নীৰৱ হৈ আছে ।
উল্লেখ্য যে যোৱা চাৰিমাহ পূৰ্বে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰে পঞ্জীয়ন বাধ্যতামূলক কৰি শিক্ষক আৰু শিক্ষাৰ্থীৰ বিতং তথ্য আপলোড কৰাটো বাধ্যতামূলক কৰিছিল বিভাগে । ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে ইয়াত আপত্তি কৰিছিল আৰু
কৈছিল যে এই ধৰণৰ ডাটা এন্ট্রিৰ কাম শিক্ষকসকলৰ নহয় ।