গুৱাহাটী, 11 ছেপ্টেম্বৰ : বহিঃৰাজ্যত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে অসমৰ গাড়ী চালক সকলৰ একাংশ ৷ বিশেষকৈ মেঘালয়ত বিভিন্ন সমস্যাত পৰে গাড়ী চালক সকল ৷ মেঘালয় হৈ বৰাক উপত্যকালৈ গ’লেও বাধা দিয়ে মেঘালয় প্ৰশাসনে ৷ ফলত আৰ্থিক সমস্যাত পৰিছে গাড়ী চালকসকল ৷
পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ত গাড়ী চালকৰ প্ৰতিবাদ
বহিঃৰাজ্যত নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বৃহস্পতিবাৰে পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসমৰ গাড়ী চালকসকলে ৷
Driver protest
সেয়ে বৃহস্পতিবাৰে পৰিবহণ আয়ুক্ত সচিবৰ কাৰ্যালয়ৰ সন্মুখত চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ চালকসকলৰ দাবী বহিঃৰাজ্যত নিৰাপত্তা সুনিশ্চিত কৰক অসমৰ গাড়ীচালকৰ ৷ লকডাউন শিথিল কৰাৰ পাচতো কিয় মেঘালয় চৰকাৰে এনে বৈষম্যমূলক আচৰণ কৰিছে বুলিও প্ৰশ্ন তোলে চালকসকলে ৷ পৰিবহন আয়ুুক্ত সচিবক সমগ্ৰ ঘটনাৰ এক উচিত বিচাৰ কৰাৰ বাবে চালকসকলে দাবী তুলিছে ৷
লগতে পঢ়ক :ইটিভি ভাৰতৰ সাংবাদিক হিৰুল হকলৈ ক'ভিড যোদ্ধাৰ সন্মান
Last Updated : Sep 11, 2020, 2:07 PM IST